পশ্চিমবংগত গুৱাহাটীমুখী ৰে’ল দুৰ্ঘটনাগ্রস্ত

পশ্চিমবংগত গুৱাহাটীমুখী ৰে’ল দুৰ্ঘটনাগ্রস্ত। বিকানীৰ গুৱাহাটী এক্সপ্রেছৰ কেইবাটাও দবা শিলিগুৰিৰ ওচৰত লাইনচ্যুত হয়।

জলপাইগুৰিৰ মইনাগুৰি এলেকাত ক্ষন্তেক সময় পূৰ্বে সংঘটিত হয় এই ঘটনা।

পাটনা হৈ গুৱাহাটীলৈ আহি আছিল ৰে’লখন। কমেও ৬টা দবা লাইনচ্যুত হয় বুলি জানিব পৰা গৈছে। ইতিমধ্যে অঞ্চলটোত ৰে’লৱেৰ উদ্ধাৰকাৰী বাহিনী উপস্থিত হৈছে।

জলপাইগুৰি প্রশাসনৰ কেইবাগৰাকী বিষয়া উপস্থিত হৈছে। দুটাকৈ দবা সম্পূৰ্ণৰূ ক্ষতিগ্ৰস্ত হৈছে। হতাহতৰ সংখ্যা সন্দৰ্ভত কোনো সংখ্যা এতিয়াও জানিব পৰা হোৱা নাই।

গেছ কাটাৰৰ সহায় লৈছে উদ্ধাৰকাৰী দলে। ৰে’লৰ ভিতৰত বহু যাত্ৰী আবদ্ধ হৈ থকাৰ সন্দেহ।

মুকলি কৰিছে তিনিটাকৈ হেল্পলাইন নম্বৰ– 8134054999, 0361-2731622, 0361-2731623।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...