আজিৰ পৰা কোন ৰাজ্যত পুনৰ খোলা হৈছে শিক্ষা প্ৰতিষ্ঠান সমূহ?

গুৱাহাটী, ১৫ জুলাই, NKTV: গুজৰাটত আজিৰে ৫০% ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ সৈতে দ্বাদশ শ্ৰেণী আৰু মহাবিদ্যালয়সমূহ পুনৰ খোলা হ’ব। আজিৰে পৰা গুজৰাটত আৰম্ভ হ’বলগীয়া ক্লাছ সম্পৰ্কে যোৱা সপ্তাহত এটা চৰকাৰী বিজ্ঞপ্তিৰ পৰা জানিব পৰা মতে ছাত্ৰ-ছাত্ৰীসকলে শাৰীৰিকভাৱে শ্ৰেণী কোঠাত উপস্থিত থাকিটো বাধ্যতামূলক নহয় লগতে শিক্ষানুষ্ঠানসমূহৰ কৰ্তৃপক্ষইসকলে ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকোঠাত ব্যক্তিগতভাৱে উপস্থিত থাকিব নে নাথাকে এই সম্পৰ্কে অভিভাৱসকলৰ পৰা অনুমতি লব লাগিব বুলি উল্লেখ কৰা হৈছিল।
বৃহস্পতিবাৰৰ পৰা গুজৰাটত দ্বাদশ শ্ৰেণী, মহাবিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ বিদ্যালয়সমূহ পুনৰ মুকলি হৈছে। সকলো ধৰণৰ ক’ভিড প্ৰট’কল মানি ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰে ক্লাছসমূহ মুকলি কৰা হ’ব।
উল্লেখযোগ্য যে, চৰকাৰৰ মূল সমিতিৰ এক বৈঠকত গুজৰাটৰ ক’ভিড সম্পৰ্কীয় সামগ্ৰীক পৰিস্থিতিৰ ওপৰত কৰা পৰ্যালোচনাৰ পিছতেই গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানীয়ে চলিত মাহৰ ৯ জুলাইত তাৰিখে গুজৰাটত দ্বাদশ শ্ৰেণী, মহাবিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ বিদ্যালয়সমূহ পুনৰ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
চৰকাৰে ৮ জুলাই তাৰিখে গ্ৰহণ কৰা বিশেষ সিদ্ধান্তৰ পিছত গুজৰাটৰ ১৮ খন নগৰৰ ভিতৰত ১০ টা অঞ্চলত নিশাৰ কাৰ্ফিউ প্ৰত্যাহাৰ কৰিছিল আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ সৈতে প্ৰতিযোগিতামূলক পৰীক্ষা আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমলৈ প্ৰশিক্ষণ শ্ৰেণীবোৰ পুনৰ আৰম্ভ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...

আন্তঃৰাষ্ট্ৰীয় তাৰকা নহয়, জন আব্ৰাহামৰ পছন্দ অসমৰ খেলুৱৈ!

বলিউড অভিনেতা তথা নৰ্থইষ্ট ইউনাইটেডৰ মালিক জন আব্ৰাহামে নিজৰ...