হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত গুজৰাট মডেল

এইবাৰ কেবিনেটলৈ গুজৰাট মডেলৰ আমদানি হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিজন মন্ত্ৰীৰে থাকিব ৪–৫জনকৈ বিধায়ক শুভাকাংক্ষী তথা মিত্ৰ। বিধায়কসকলৰ মিত্ৰৰূপে মনোনীত কৰা হৈছে এজন মন্ত্ৰীক। বিধায়কৰ তালিকাত সন্নিৱিষ্ট হৈছে কেইবাজনো জ্যেষ্ঠ তথা অভিজ্ঞ বিধায়ক।

প্ৰতিমাহৰ দ্বিতীয় আৰু চতুৰ্থ মংগলবাৰে বিধায়ক সকলৰ সৈতে বৈঠকত বহিব লাগিব সংশ্লিষ্ট মন্ত্ৰী। মন্ত্ৰীসকলে নৈশ ভোজৰ বাবে আমন্ত্ৰণ জনাই বহিব লাগিব আলোচনাত। নৈশ ভোজৰ সৈতে সংগতি ৰাখি আয়োজিত আলোচনাত সমাজ, দেশ, ৰাজনীতিৰ বিষয়ে আলোচনা কৰিব লাগিব।

চৰকাৰৰ নীতি, চৰকাৰৰ প্ৰতি ৰাইজৰ দৃষ্টিভংগী, চৰকাৰৰ কৰণীয় আৰু ভুল ক্ৰুটিৰ বিষয়ে বিস্তাৰিত আলোচনা কৰিব লাগিব। এই আলোচনাৰ ভিত্তিত টোকা উল্লেখ কৰি অভিযোগকাৰীৰ নাম উল্লেখ নকৰাকৈ মুখ্যমন্ত্ৰীক জমা দিব লাগিব। প্ৰতি বুধবাৰৰ কেবিনেট বৈঠকৰ পিছত আধা ঘন্টা বা ৪৫ মিনিট এই টোকাৰ বিষয়ে আলোচনা কৰা হ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই জনাইছে। মন্ত্ৰীসকললৈ এখন পত্ৰ প্ৰেৰণ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে, গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে নৰেন্দ্ৰ মোদীয়ে এই ব্যৱস্থা কৰি সুফল পাইছিল। অসমটো এই ব্যৱস্থাৰ শুভাৰম্ভ কৰি ইয়াৰ বাবে মন্ত্ৰীসকলৰ সহযোগিতা কামনা কৰিলে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে বিধায়ক অজয় কুমাৰ ৰয়, ৰূপক শৰ্মা, জিতু গোস্বামী, বিশ্বজিৎ ফুকন, ডাঃ নোমল মোমিন, ৰূপেশ গোৱালাৰ শুভাকাংক্ষী ৰূপে কাম কৰিব। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিধায়ক অতুল বৰা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, পদ্ম হাজৰিকা, ৰণজিৎ দত্তৰ হিতাকাংক্ষী তথা মিত্ৰ ৰূপে দায়িত্ব পালন কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...