বিদ্যুৎ চুৰিৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল), অসম শক্তি উৎপাদন নিগম লিমিটেড (এপিজিচিএল) আৰু অসম বিদ্যুৎ সংবহন নিগম লিমিটেড (এইজিচিএল)ৰ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু কোম্পানীসমূহক নিজৰ গ্ৰাহকসকললৈ উন্নত মানৰ সেৱা প্ৰদানৰ লগতে তেওঁলােকৰ ৰাজহ উৎপাদন বৃদ্ধি তথা লাভ অর্জন সুনিশ্চিতকৰণৰ বাবে উপযুক্ত পৰিকল্পনা প্রস্তুত কৰিবলৈ নির্দেশ দিয়ে। আজি গুৱাহাটীৰ বিজুলী ভৱনত তিনিওটা কোম্পানীৰ শীর্ষ কর্মকর্তাসকলৰ সৈতে বৈঠকত মিলিত হৈ মুখ্যমন্ত্রী ড° শৰ্মাই প্রতিষ্ঠানকেইটাৰ গুণগত প্রদর্শন উন্নীতকৰণ তথা গ্রাহকসকললৈ সক্রিয় সেৱা প্রদানক ৰাজহ সংগ্ৰহৰ সৈতে সামঞ্জস্য ৰখাৰ ওপৰত গুৰুত্ব আৰােপ কৰে।

ৰাজহ সংগ্রহ হ্রাস আৰু ইয়াৰ ফলত হােৱা লােকচানৰ ওপৰত উদ্বেগ প্রকাশ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই বিদ্যুৎ কোম্পানীসমূহক ৰাজহ লােকচানৰ বাবে দায়ী কাৰণবােৰ চিনাক্ত কৰি সেইবােৰ দূৰ কৰাৰ ৰণনীতি প্রস্তুত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। তেওঁ লগতে বিদ্যুৎ কোম্পানীবােৰক ৰাজহ উপার্জন আৰু লাভ বৃদ্ধিৰ উপায় অন্বেষণৰ স্বাৰ্থত উদ্ভাৱনীমূলক পদক্ষেপ হাতত ল’বলৈও পৰামর্শ প্রদান কৰে। একাংশ প্ৰৱঞ্চক গ্রাহকে বিদ্যুত বিল ৰাহি কৰিবলৈ সন্দেহজনক পদ্ধতি গ্রহণ কৰাৰ ফলত এপিডিচিএলৰ ৰাজহৰ বৃহৎ ক্ষতি হােৱাৰ দিশটোলৈ আঙুলিয়াই মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে এই লােকচানৰ জোৰা মৰাৰ লগতে বিদ্যুৎ ক্রয়ৰ ধন পৰিশােধ কৰিবলৈ এপিডিচিএল-এ বিদ্যুতৰ শুল্কৰ নিৰিখ বৃদ্ধি কৰিবলৈ অসম বিদ্যুৎ নিয়ামক আয়ােগৰ কাষ চাপিবলৈ বাধ্য হৈছে।

সর্বসাধাৰণ ৰাইজে বিদ্যুত শুল্কৰ এই বর্ধিত হাৰৰ বােজা বহন কৰিব লাগিব, কিয়নাে অসৎ পন্থা অৱলম্বন কৰা গ্ৰাহকসকলৰ ফলত হােৱা লােকচানৰ ক্ষতিপূৰণ সাধাৰণ ৰাইজৰ পৰাই আদায় কৰা হয়। গ্রাহকসকলে যাতে বিদ্যুতৰ শুল্ক পৰিশােধ কৰাটো এৰাই চলিব নােৱাৰে, তাৰ বাবে উপযুক্ত ৰণনীতি প্রস্তুত কৰিবলৈ আৰু ব্যৱস্থাটোৰ ত্রুটিবােৰ দূৰ কৰিবলৈ তেওঁ বিদ্যুৎ কোম্পানীবােৰক নির্দেশ দিয়ে। ৰাজ্যখনত বিদ্যুৎ চুৰি বন্ধ কৰা আৰু সংবহন আৰু বিতৰণ লােকচান হ্রাস কৰাৰ অর্থে তীক্ষ্ণ দৃষ্টি ৰাখিবলৈও ড° শৰ্মাই বিদ্যুৎ কোম্পানীসমূহক নির্দেশ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিদেশৰ মাটিত সৰ্বাধিক ৰান সংগ্ৰহকাৰী ভাৰতীয় উইকেটকীপাৰ হিচাপে ইতিহাস ৰচিলে ঋষভ পণ্টে

ভাৰতীয় উইকেটকীপাৰ-বেটছমেন ঋষভ পণ্টে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক...

জ্যোতি চিত্ৰবনত কাইলৈ মুক্তি পাব নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ MOTION POSTER

ছবিগৃহলৈ আহিবলৈ সাজু হৈছে এখন নতুন অসমীয়া ছবি ‘NRC...

‘ভাৰতে অংশ ল’ব’, পাকিস্তানৰ দাবীক লৈ চৰ্চা

দক্ষিণ এছিয়া গেমছক লৈ আহিল এক গুৰুত্বপূৰ্ণ খবৰ। ২০২৭...