হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত গুজৰাট মডেল

এইবাৰ কেবিনেটলৈ গুজৰাট মডেলৰ আমদানি হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিজন মন্ত্ৰীৰে থাকিব ৪–৫জনকৈ বিধায়ক শুভাকাংক্ষী তথা মিত্ৰ। বিধায়কসকলৰ মিত্ৰৰূপে মনোনীত কৰা হৈছে এজন মন্ত্ৰীক। বিধায়কৰ তালিকাত সন্নিৱিষ্ট হৈছে কেইবাজনো জ্যেষ্ঠ তথা অভিজ্ঞ বিধায়ক।

প্ৰতিমাহৰ দ্বিতীয় আৰু চতুৰ্থ মংগলবাৰে বিধায়ক সকলৰ সৈতে বৈঠকত বহিব লাগিব সংশ্লিষ্ট মন্ত্ৰী। মন্ত্ৰীসকলে নৈশ ভোজৰ বাবে আমন্ত্ৰণ জনাই বহিব লাগিব আলোচনাত। নৈশ ভোজৰ সৈতে সংগতি ৰাখি আয়োজিত আলোচনাত সমাজ, দেশ, ৰাজনীতিৰ বিষয়ে আলোচনা কৰিব লাগিব।

চৰকাৰৰ নীতি, চৰকাৰৰ প্ৰতি ৰাইজৰ দৃষ্টিভংগী, চৰকাৰৰ কৰণীয় আৰু ভুল ক্ৰুটিৰ বিষয়ে বিস্তাৰিত আলোচনা কৰিব লাগিব। এই আলোচনাৰ ভিত্তিত টোকা উল্লেখ কৰি অভিযোগকাৰীৰ নাম উল্লেখ নকৰাকৈ মুখ্যমন্ত্ৰীক জমা দিব লাগিব। প্ৰতি বুধবাৰৰ কেবিনেট বৈঠকৰ পিছত আধা ঘন্টা বা ৪৫ মিনিট এই টোকাৰ বিষয়ে আলোচনা কৰা হ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই জনাইছে। মন্ত্ৰীসকললৈ এখন পত্ৰ প্ৰেৰণ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে, গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে নৰেন্দ্ৰ মোদীয়ে এই ব্যৱস্থা কৰি সুফল পাইছিল। অসমটো এই ব্যৱস্থাৰ শুভাৰম্ভ কৰি ইয়াৰ বাবে মন্ত্ৰীসকলৰ সহযোগিতা কামনা কৰিলে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে বিধায়ক অজয় কুমাৰ ৰয়, ৰূপক শৰ্মা, জিতু গোস্বামী, বিশ্বজিৎ ফুকন, ডাঃ নোমল মোমিন, ৰূপেশ গোৱালাৰ শুভাকাংক্ষী ৰূপে কাম কৰিব। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিধায়ক অতুল বৰা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, পদ্ম হাজৰিকা, ৰণজিৎ দত্তৰ হিতাকাংক্ষী তথা মিত্ৰ ৰূপে দায়িত্ব পালন কৰিব।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...