জীমত ভয়ংকৰ কাণ্ড, শতাধিক মহিলা-যুৱতীৰ আপত্তিজনক ভিডিঅ’ প্রস্তুত

জীমলৈ যোৱা যুৱতী-মহিলাৰ আপত্তিজনক ভিডিঅ’ প্ৰস্তুত। ব্লেকমেইলিঙেৰে বহু মহিলাৰ পৰা সৰকালে লাখে লাখে টকা। য়াছিন মূলতানিৰ কাণ্ডক লৈ এতিয়া দেশজুৰি প্ৰতিক্ৰিয়া। জীম, শ্বপিং মল নাইবা যিকোনো ঠাইৰ চেইঞ্জিং ৰুমত কাপোৰ সলোৱাৰ পূৰ্বে সাৱধান হওক আপুনিও।

এইবাৰ জীমৰ সঞ্চালকে সংঘটিত কৰিলে এক নিকৃষ্ট কাণ্ড। জীমলৈ যোৱা শতাধিক মহিলা-যুৱতীৰ আপত্তিজনক ভিডিঅ’ প্রস্তুত কৰি ব্লেকমেইলিং কৰিলে মহিলাকেইগৰাকীক। জীমত থকা চেইঞ্জিং ৰুমত এই মহিলা-যুৱতীসকলে কাপোৰ সলোৱাৰ মুহূৰ্তৰ ভিডিঅ’ প্ৰস্তুত কৰি নৰাধম য়াছিন মুলতানিয়ে সংঘটিত কৰিছিল এই কাণ্ড। ঘটনাৰ পিছতে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে ভুক্তভোগী মহিলাই। অভিযোগৰ পাছতে অভিযুক্ত য়াছিন মুলতানিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বন্ধ কৰি দিয়া হয় য়াছিন মূলতানিৰ ‘ক্লাব ৭১’ নামৰ দুটা জীমো। আইনৰ স্নাতক য়াছিন মূলতানিয়ে জীমৰ কৰ্মচাৰীৰ মোবাইলৰ পৰা প্ৰস্তুত কৰিছিল এই ভিডিঅ’সমূহ। সেই নম্বৰৰ পৰাই মহিলাৰ মোবাইললৈ ভিডিঅ’ প্ৰেৰণ কৰি দীৰ্ঘদিনে কৰি আহিছিল ব্লেকমেইল। কেইবাগৰাকীও মহিলাৰ পৰা ব্লেকমেইলৰ জৰিয়তে লাখে লাখে ধন সৰকোৱাৰো অভিযোগ জীমৰ সঞ্চালকৰ বিৰুদ্ধে। কেইবাগৰাকীও মহিলাৰ পৰা ব্লেকমেইলৰ জৰিয়তে লাখে লাখে ধন সৰকোৱাৰো অভিযোগ য়াছিন মূলতানিৰ বিৰুদ্ধে। সম্প্ৰতি গুজৰাটৰ সুৰেন্দ্ৰনগৰৰ এই ঘটনাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইজৰাইলত নতুন চৰকাৰ গঠনৰ তৎপৰতা, নেতানিয়াহুৰ লিকুড পাৰ্টিক আলোচনালৈ আমন্ত্ৰণ গাডি আইজেনকটৰ

ইজৰাইলত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়াক লৈ ৰাজনৈতিক তৎপৰতা বৃদ্ধি...

গুজৰাটৰ কচ্ছত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰ তিনি শিশুসহ ৭জনৰ মৃত্যু

গুজৰাটৰ কচ্ছ জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিটা...

অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানক চীনৰ সমৰ্থন,ভাৰতৰ উত্থান ৰোধৰ কৌশল চীনৰ : আমেৰিকান কমিটী

ভাৰতৰ ক্ৰমবৰ্ধমান শক্তি আৰু আঞ্চলিক প্ৰভাৱ সীমিত কৰাৰ লক্ষ্যৰে...