দুয়োটা ড’জ লোৱা কৰ্মচাৰীয়ে সোমবাৰৰ পৰাই যাব লাগিব কাৰ্যালয়লৈ

চৰকাৰী কৰ্মচাৰীৰ বাবে শিথিল হ’ল কঠোৰ ক’ভিড বিধি। ৰোগ প্ৰতিৰোধ ক্ষমতা তৈয়াৰ হোৱালৈ অপেক্ষা কৰাৰ প্ৰয়োজন নাই। প্ৰতিষেধকৰ দুয়োটা ড’জ লোৱা কৰ্মচাৰীয়ে সোমবাৰৰ পৰাই যাব লাগিব কাৰ্যালয়লৈ। সচিবালয়ৰ সাধাৰণ প্ৰশাসন বিভাগৰ এই নিৰ্দেশনা। ক’ভিড প্ৰট’কল মানি সোমবাৰৰ পৰা নিয়মীয়াকৈ কাৰ্যালয়লৈ অহাৰ নিৰ্দেশ সচিবালয় সাধাৰণ প্ৰশাসনৰ।

ইফালে, কামৰূপ মহানগৰ জিলাৰ চহৰাঞ্চলতকৈ গ্ৰাম্যাঞ্চলত কৰ’ণাৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি পৰিস্থিতিৰ বুজ ল’বলৈ দেওবাৰে সোণাপুৰৰ কেইবাটাও স্থানত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত। সোণাপুৰৰ ৰাজীৱ গান্ধী নগৰ,ডিগাৰুপাৰ আৰু ক্ষেত্ৰীৰ সেনাবৰত উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত। সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজীৱ গান্ধী নগৰত ৪৩জন আৰু ডিগাৰুপাৰত ২৫জন লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰাত প্ৰশাসনে কন্টেইন্টমেইন্ট জ’ন হিচাপে ঘোষণা কৰিছিল আৰু তাত থকা আবাসীসকলৰ অৱস্থাৰ বুজ ল’বলৈ পুৱাৰ ভাগতে উক্ত স্থানকেইটাত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী গৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...