অভয়াখুটি কাণ্ডঃ ঘটনাৰ প্ৰকৃত কাৰণ উদঘাটন কৰাৰ বাবে অসম আৰক্ষীক মুখ্যমন্ত্ৰীৰ নির্দেশ

0 3

আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ জিলাৰ অভয়াখুটি গাঁৱত যােৱা শুকুৰবাৰে ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰা দুগৰাকী কিশােৰীৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সদস্যসকলৰ সৈতে ঘটনা সন্দৰ্ভত মত-বিনিময় কৰাৰ উপৰি ঘটনাৰ সবিশেষ বুজ লয়। মুখ্যমন্ত্ৰীয়ে পৰিয়ালৰ সদস্যসকলৰ প্রতি সহমর্মিতা প্রকাশ কৰাৰ উপৰি এই দুখৰ মুহূৰ্তত ৰাজ্য চৰকাৰ তেওঁলােকৰ লগত আছে বুলিও আশ্বাস প্রদান কৰে। উল্লেখ্য যে, যােৱা শুকুৰবাৰে অভয়াখুটি গাঁৱত কিশােৰী দুগৰাকীৰ এক ৰহস্যজনক অৱস্থাত চিপজৰী লৈ মৃত অৱস্থাত স্থানীয় লােকে প্রত্যক্ষ কৰিছিল। ইয়াৰ পিছতে দুৰ্ভগীয়া কিশােৰী দুগৰাকীৰ বাসগৃহত উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হােৱা কথা-বতৰাত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অভয়াখুটি গাঁৱৰ কিশােৰী দুগৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰি গােটেই ঘটনাটো ৰহস্যজনক হােৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ নিজেই আজি পৰিয়ালটোক সাক্ষাৎ কৰি ঘটনাৰ চৰজমিন বুজ ল’লে। বিটিআৰৰ আই জি পি আৰু কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে তেওঁ এই সম্বন্ধে কথা পাতিছে। যদি ঘটনাটোত কোনাে দুষ্টচক্র জড়িত আছে তেন্তে দোষীয়ে উপযুক্ত শাস্তি পাব আৰু যদি ঘটনাটো আত্মহত্যা হয় তেতিয়াহ’লে আত্মহত্যাৰ প্রকৃত কাৰণ কি, সেই বিষয়ৰ ওপৰতাে তদন্ত কৰাৰ বাবে আৰক্ষী প্রশাসন ইতিমধ্যে নির্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে। আৰক্ষীয়ে এই ঘটনা তদন্ত প্রক্রিয়া চলাই আছে বুলি উল্লেখ কৰি আৰক্ষীয়ে এই ঘটনাৰ ৰহস্য অচিৰেই পােহৰলৈ আনিবলৈ সক্ষম হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বৰ্তমানৰ চৰকাৰখনে দুখীয়া আৰু নিস্পেষিতসকলৰ ওপৰত চলােৱা অত্যাচাৰ আৰু শােষণ কেতিয়াও সহ্য নকৰে। দুৰ্ভগীয়া পৰিয়লটোক সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে বিটিআৰৰ মুৰবী প্রমােদ বড়াে, কোকৰাঝাৰ পূর্ব বিধান সভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী, পূব বিলাসীপাৰা সমষ্টিৰ প্রাক্তন বিধায়ক অশােক সিংহীৰ লগতে প্রশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.