ৰাজ্যৰ নিবনুৱাসকলৰ নাম পঞ্জীয়নৰ বাবে মুকলি হ’ব অনলাইন প’ৰ্টেল

গুৱাহাটী, ৩০ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত দক্ষতা, নিয়ােগ আৰু উদ্যমিতা বিভাগ তথা নিয়ােগ আৰু কাৰিকৰী প্রশিক্ষণ সঞ্চালকালয়ৰ কাম-কাজৰ পর্যালােচনা কৰে। এই পর্যালােচনা বৈঠকৰ আৰম্ভণিতে বিভাগটোৰ কাম-কাজ তথা পদক্ষেপসমূহক সামৰি এক প্রেজেন্টেশ্যনাে আগবঢ়োৱা হয়। বৈঠকত বিভাগীয় কাম-কাজৰ বুজ লৈ মুখ্যমন্ত্রী ড° শৰ্মাই ৰাজ্যৰ নিবনুৱাসকলৰ নাম পঞ্জীয়নৰ প্রক্রিয়াটো অধিক সুষম কৰাৰ অর্থে এটা অনলাইন প’ৰ্টেল আৰম্ভ কৰাৰ বাবে নির্দেশ দিয়ে। এই প’ৰ্টেলটোত ৰাজ্যখনৰ নিবনুৱাসকলে নিজৰ নাম বিনামূলীয়াকৈ পঞ্জীয়ন কৰাৰ লগতে কোনাে নিবনুৱাই নিযুক্তি লাভ কৰাৰ পিছত নিজৰ নাম নিজাববীয়াকৈ যাতে প্রত্যাহাৰ কৰিব পাৰে সেই সুবিধাও এই প’ৰ্টেলত অন্তর্ভূক্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কয়। তেনেদৰে, এক নির্দিষ্ট সময়ৰ ব্যৱধানত পঞ্জীয়ন নৱীকৰণ নকৰিলে প্রার্থীগৰাকীৰ নাম প’ৰ্টেলৰ পৰা আঁতৰ কৰা আৰু এই প’ৰ্টেলটোত আধাৰ নম্বৰ সংলগ্নকৰণেৰে নিবনুৱা যুৱক-যুৱতীসকলৰ নাম পঞ্জীয়নৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। আজিৰ এই বৈঠকতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন স্থানত নির্মিয়মান অৱস্থাত থকা ছয়খন আই টি আই শীঘ্ৰে কার্যক্ষম কৰাৰ বাবে নির্দেশ দিয়ে। তেওঁ কয় যে, ইয়াৰ বাবে প্রয়ােজনীয় পদ সৃষ্টিৰ ব্যৱস্থা কৰা হ’ব। আনহাতে, অসম দক্ষতা বিশ্ববিদ্যালয়ৰ কাম-কাজ যাতে অধিক দ্রুত গতিৰে আগবঢ়াব পৰা যায় তাৰ বাবে বিশ্ববিদ্যালয়খনত উপাচার্য এগৰাকী নিযুক্তি দিয়াৰ দিশত শীঘ্নে পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানসমূহে পৰিবহণ বিভাগৰ সৈতে সমন্বয়েৰে ৰাজ্যখনৰ পাঁচ হাজাৰ নিবনুৱা যুৱক-যুৱতীক গাড়ী চালনাৰ প্রশিক্ষণ প্রদানৰ বাবে যথােচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও নির্দেশ দিয়ে মুখ্যমন্ত্রী ড° শৰ্মাই। আজি এই পর্যালােচনা বৈঠকত দক্ষতা, নিয়ােগ আৰু উদ্যমিতা বিভাগৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰী, মুখ্যমন্ত্রী প্রধান সচিব সমীৰ কুমাৰ সিনহা, দক্ষতা, নিয়ােগ আৰু উদ্যমিতা বিভাগৰ প্ৰধান সচিব কে কে দ্বিবেদীকে ধৰি বিভাগটোৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...