খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত অসমৰ আত্মসহায়ক গোটসমূহক সবলীকৰণৰ পদক্ষেপ চৰকাৰৰ

দুই কেন্দ্ৰীয় আঁচনিৰ একত্ৰীকৰণৰে খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত অসমৰ আত্মসহায়ক গোটসমূহক সবলীকৰণৰ পদক্ষেপ চৰকাৰৰ

ৰাজ্যৰ ১৫৫১ টা আত্মসহায়ক গোটৰ ৪২৫৭ গৰাকী সদস্যৰ মাজত ১১.৭৩ কোটি টকাৰ মূলধনী সাহায্য বিতৰণ ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, অসমৰ

খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত নিয়োজিত অসমৰ আত্মসহায়ক গোটসমূহৰ সবলীকৰণৰ বাবে ভাৰত চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে দীনদয়াল অন্ত্যোদয় যোজনা-ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান (DAY-NULM)ক খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ৰ ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ পিএম আনুষ্ঠানিককৰণ (PM FME) আঁচনিৰ সৈতে একত্ৰিতভাৱে ৰূপায়ণৰ ব্যৱস্থা হাতত লোৱা হৈছে।

এই কৌশলগত পদক্ষেপৰ জৰিয়তে অসমত ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণৰ কামত নূন্যতম এবছৰৰ অভিজ্ঞতা থকা আত্মসহায়ক গোট আৰু তাৰ সদস্যসকলে এতিয়া প্ৰাৰম্ভিক মূলধনী সাহায্যৰ বাবে আবেদন কৰিব পাৰিব। এই সাহায্যৰ পৰিমাণ হৈছে প্ৰতিগৰাকী সদস্যৰ বাবে সৰ্বোচ্চ ৪০,০০০ টকা।

নতুন দিল্লীৰ প্ৰগতি ময়দানত অলপতে অনুষ্ঠিত হোৱা ৱৰ্ল্ড ফুড ইণ্ডিয়া, ২০২৩ অনুষ্ঠানৰ সময়ত যোৱা ৩ নৱেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ আটাইবোৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰায় ১ লাখ আত্মসহায়ক গোটৰ সদস্যক অনলাইনযোগে প্ৰাৰম্ভিক মূলধন প্ৰদান কৰে। অসমৰ গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, তেজপুৰ আদি নিৰ্বাচিত চহৰৰ পৰাও আত্মসহায়ক গোটৰ সদস্যসকলে ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰ (এন আই চি)ৰ সহায়ত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
সে্ইদিনাই পিএমএফএমইৰ ন’ডেল এজেন্সী এআইডিচিয়ে ৰাজ্যৰ ১৫৯৫টা আত্মসহায়ক গোটৰ ৪৫৭৪ গৰাকী সদস্য উপকৃত হোৱাকৈ ১২.৬৫ কোটি টকা আবণ্টন দিয়ে। লক্ষ্যণীয়ভাৱে ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, অসমে তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰি কালি ৯ নৱেম্বৰ তাৰিখে ১৫৫১ টা আত্মসহায়ক গোটৰ ৪২৫৭ গৰাকী সদস্যৰ মাজত ১১.৭৩ কোটি টকাৰ মূলধনী সাহায্য বিতৰণ কৰে।

চৰকাৰৰ এই ঐক্যবদ্ধ প্ৰচেষ্টাই খাদ্য প্ৰক্ৰিয়াকৰণৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডত অসমৰ আত্মসহায়ক গোটসমূহৰ জীৱিকা আৰু সামৰ্থ্যক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি বহন কৰাৰ লগতে অঞ্চলটোৰ বহনক্ষম বিকাশ আৰু অৰ্থনৈতিক সমৃদ্ধিক ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

প্ৰথমবাৰলৈ ভাগ্য পৰীক্ষাত নামিয়েই সফল হ’ল প্ৰিয়ংকা

প্ৰথমবাৰলৈ ভাগ্য পৰীক্ষাত নামিয়েই সফল হ’ল প্ৰিয়ংকা। সংসদীয় ৰাজনীতিত...

ৰকিবুলৰ দুৰ্গত উৰিল গেৰুৱা বাহিনীৰ বিজয় ধ্বজা

অন্ত পৰিল সকলো জল্পনা–কল্পনা, সমীকৰণৰ। গেৰুৱাৰ ধুমুহাত তচনচ হৈ...

ৰাজ্যৰ উপ-নিৰ্বাচনত মুখ ঠেকেছা খাইছে বিৰোধীয়ে

ৰাজ্যৰ উপ-নিৰ্বাচনত মুখ ঠেকেছা খাইছে বিৰোধীয়েআন সমষ্টিৰ লগতে ধলাই...

কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ মহাযুটিত টনা-আঁজোৰা। বিজেপি নেতা দেবেন্দ্ৰ...