ঠিকনা সলনি হ’ব ৰাজ্যপালৰ, আদৰিবলৈ সাজু কইনাধৰা

কইনাধৰাত থাকিব জগদীশ মুখী
ৰাজ্যপালক আদৰিবলৈ সাজু কইনাধৰা

কইনাধৰা পাহাৰৰ এটা সৰু টিলাতে সৌ সিদিনালৈকে আছিল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ। প্ৰাক্তন মুখ্যমন্ত্ৰীজন ৰাজ্যৰ দায়িত্বত নথকাৰে পৰা গৰাকীবিহীন হৈ পৰিছিল কইনাধৰা পাহাৰ। ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখীৰ স্থায়ী চৰকাৰী ঠিকনা Governor Houseত বৰ্তমান মেৰামতিৰ কাম চলি আছে, সেয়েহে ৰাজ্যপাল গৰাকীৰ নতুন ঠিকনা হ’ব পৰাকৈ পুনৰ সু-সজ্জিত কৰি সাজু কৰা হৈছে কইনাধৰাৰ ৰাজ্যিক অতিথিশালা। কাইলৈ ১৫ জুন,আৰু কাইলৈৰ ভিতৰত সময়সীমা কইনাধৰাৰ কাম সম্পূৰ্ণ কৰাৰ।

ৰাজ্যপাল গৰাকীৰ ঘৰটো কেনেকুৱা হ’ব?

  • থাকিব ৮টা কোঠালি
  • থাকিব ৫টা মাষ্টাৰ-বেডৰুম
  • সংযোজিত হ’ব ৰাজ্যপালগৰাকীৰ ৩টা মাষ্টৰ-বেডৰুম
  • বেডৰুমটো সজাই তোলা হৈছে আটকধুনীয়া interior designএৰে।

ৰাজ্যপাল গৰাকীৰ চৰকাৰী দায়িত্বত থকা ADC গৰাকীও থাকিব কইনাধৰাত। লগতে কইনাধৰাৰ দায়িত্বত থকা কৰ্মচাৰী সকলৰ বাবেও staff quarter সাজু কৰা হৈছে। কেৱল সেয়ে নহয়, আগতকৈ CCTV কেমেৰাৰ সংখ্যা বৃদ্ধি কৰা হৈছে কইনাধৰাত।

যিহেতু কাইলৈ ১৫ জুন, আৰু ১৫ জুনৰ ভিতৰত কইনাধৰাৰ কাম সম্পূৰ্ণ হোৱাৰ শেষ সময় সীমা। তেনে ক্ষেত্ৰত এই কাম কাইলৈৰ ভিতৰত যে সম্পূৰ্ণ হ’ব নে নাই সেয়া এতিয়াও প্ৰশ্নৰ আৱৰ্তত।

সুৰজিত শইকীয়াৰ ৰিপ’ৰ্ট, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...