ঠিকনা সলনি হ’ব ৰাজ্যপালৰ, আদৰিবলৈ সাজু কইনাধৰা

কইনাধৰাত থাকিব জগদীশ মুখী
ৰাজ্যপালক আদৰিবলৈ সাজু কইনাধৰা

কইনাধৰা পাহাৰৰ এটা সৰু টিলাতে সৌ সিদিনালৈকে আছিল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ। প্ৰাক্তন মুখ্যমন্ত্ৰীজন ৰাজ্যৰ দায়িত্বত নথকাৰে পৰা গৰাকীবিহীন হৈ পৰিছিল কইনাধৰা পাহাৰ। ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখীৰ স্থায়ী চৰকাৰী ঠিকনা Governor Houseত বৰ্তমান মেৰামতিৰ কাম চলি আছে, সেয়েহে ৰাজ্যপাল গৰাকীৰ নতুন ঠিকনা হ’ব পৰাকৈ পুনৰ সু-সজ্জিত কৰি সাজু কৰা হৈছে কইনাধৰাৰ ৰাজ্যিক অতিথিশালা। কাইলৈ ১৫ জুন,আৰু কাইলৈৰ ভিতৰত সময়সীমা কইনাধৰাৰ কাম সম্পূৰ্ণ কৰাৰ।

ৰাজ্যপাল গৰাকীৰ ঘৰটো কেনেকুৱা হ’ব?

  • থাকিব ৮টা কোঠালি
  • থাকিব ৫টা মাষ্টাৰ-বেডৰুম
  • সংযোজিত হ’ব ৰাজ্যপালগৰাকীৰ ৩টা মাষ্টৰ-বেডৰুম
  • বেডৰুমটো সজাই তোলা হৈছে আটকধুনীয়া interior designএৰে।

ৰাজ্যপাল গৰাকীৰ চৰকাৰী দায়িত্বত থকা ADC গৰাকীও থাকিব কইনাধৰাত। লগতে কইনাধৰাৰ দায়িত্বত থকা কৰ্মচাৰী সকলৰ বাবেও staff quarter সাজু কৰা হৈছে। কেৱল সেয়ে নহয়, আগতকৈ CCTV কেমেৰাৰ সংখ্যা বৃদ্ধি কৰা হৈছে কইনাধৰাত।

যিহেতু কাইলৈ ১৫ জুন, আৰু ১৫ জুনৰ ভিতৰত কইনাধৰাৰ কাম সম্পূৰ্ণ হোৱাৰ শেষ সময় সীমা। তেনে ক্ষেত্ৰত এই কাম কাইলৈৰ ভিতৰত যে সম্পূৰ্ণ হ’ব নে নাই সেয়া এতিয়াও প্ৰশ্নৰ আৱৰ্তত।

সুৰজিত শইকীয়াৰ ৰিপ’ৰ্ট, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...