৪ ব’হাগ ‘গছ বিহু’ৰ দিন

🖊️ বকুল গগৈ, সঞ্চালক, আমাৰ বনানী

গছেই আমাৰ প্ৰাণ, গছেই দিছে আমাক জীৱন দান…

সাংস্কৃতিক বাৰ্তাৰে সমাজ গঢ়িব পৰা যায়। এই উদ্দেশ্যৰে আজিৰ পৰা ২৭ বছৰ পূৰ্বে ৪ (চাৰি) বহাগৰ দিনা ‘গছ বিহু পালন কৰা হৈছিল আৰু তাৰ পাছত ক্ৰমাগতভাৱে অসমীয়া বাপতিসাহোন ৰঙালী বিহুৰ ৪ ব’হাগৰ দিনা এই গছ বিহু পালন কৰি অহা হৈছে। পাছলৈ এই গছ বিহু অসমীয়া সমাজ জীৱনত পৰম্পৰালৈ ৰূপান্তৰিত হৈছে।

‘গছ বিহু’ হ’ল অসমীয়া জাতীয় জীৱনৰ এক উমৈহতীয়া সত্তা। এই সত্তাৰ মাজতে লুকাই আছে কেতবোৰ বিজ্ঞানসন্মত কথাবার্তা। এফালে সাংস্কৃতিক সমন্বয় আৰু অন্যফালে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা।

যি গছে আমাক অক্সিজেন, পানী, অন্ন, আশ্রয়, প্রদূষণ মুক্ত পৰিবেশ দিছে, প্ৰতিটো জীৱক জীয়াই ৰাখিছে, পৃথিৱীৰ আয়ুস নিৰ্ধাৰণ কৰিছে, সেই গছক শ্ৰদ্ধা, আদৰ কৰা বিহুটোৱেই হ’ব ‘গছ বিহু’। এজন প্রাপ্তবয়স্ক (Adult) ব্যক্তিক দৈনিক প্রায় ৩টা (তিনিটা) চিলিণ্ডাৰৰ অক্সিজেন লাগে। যাৰ বজাৰ মূল্য প্রায় ৩০০০/- (তিনি হাজাৰ টকা। এজন মানুহক ৫০ লিটাৰৰ পৰা ১০০ লিটাৰ পানী লাগে। যাৰ বজাৰ মূল্য প্রায় ৩০০/- টকাৰ পৰা ৫০০/-টকা পৰ্য্যন্ত হয়। অসম মুলুকত গছক/প্রকৃতিক প্রতিদান (Return) দিয়াৰ দিনটোৱেই হ’ল ৪ বহাগ (চাৰি বহাগ) “গছ বিহু”ৰ দিন। গৰু বিহুৰ দিনা গৰুক আদৰ শুশ্রূষা কৰাৰ দৰে, মানুহৰ বিহুত জ্যেষ্ঠজনক শ্ৰদ্ধা আৰু কনিষ্ঠ জনক মৰম কৰাৰ দৰে গছ বিহুৰ দ্বাৰা গছক শ্ৰদ্ধা আৰু আদৰ কৰা হয়।

“গছ বিহু” উদ্‌যাপন কৰোতে মন কৰিব লগীয়া কেইটামান কথা

পৰিয়াল বিশেষৰ বাৰে :- (ঘৰে ঘৰে গছ বিহু)

  • গছৰ গুৰিত অলপ ঠাইত বন-পাত আঁতৰাই ল’ব।
  • এঘটি/এবাল্টি/বা এজাৰ পানী গছৰ গুৰিত দিব।
  • ধূপ বা ধুনা দিব। (পৰিৱেশটো শ্রদ্ধাশীল কৰাৰ বাবে)।
  • পাৰিলে এগছি বন্তি জ্বলাব ।
  • বাৰীৰ বা ওচৰৰ ডাঙৰ গছ এজোপাক শ্রদ্ধা জনাই এখনি বিহুৱান (মেৰিয়াই দিব) দিব।
  • প্রত্যেক ঘৰে কমেও এটিকৈ হ’লেও গছৰ পুলি ৰুব। গছ ৰোৱাৰ বাবে ঠাই নাথাকিলে ফুল পুলিকে ৰুব।
  • চহৰ অঞ্চলৰ পৰিয়ালে টাৱতে হ’লেও ৰুব।

অনুষ্ঠান বিশেষৰ বাবে

পৰিয়াল বিশেষে (ঘৰে ঘৰে গছক শ্ৰদ্ধা সন্মান জনাই গছক বিহুৱান দিয়াৰ দৰেই দিব। বিহুৱান দিয়াৰ সময়ত সম্ভৱ হ’লে ঢোলেৰে গছক আদৰিব। হৰি ধ্বনি দিব। গছ ৰোৱাৰ সময়ত ঢোলৰ গিৰ-গিৰণিৰ লগে লগে হৰি ধ্বনি আৰু মহিলা থাকিলে উৰুলি হ’ব পাৰে। প্ৰকৃতি প্ৰেমৰ আধাৰত বিহু গাব আৰু নাচিব। ঢোল তাল নাথাকিলে হাত চাপৰি মাৰি বিহু গাই নাচি গছৰ পুলি ৰুব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...