গাহৰি মাংস সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

গাহৰি খাই ভালপোৱাসকলৰ বাবে সুখবৰ। বৃদ্ধি নহ’ব পাৰে গাহৰি মাংসৰ দাম। পাঞ্জাবাৰীস্থিত পশুধন নিগমৰ নিৰ্দ্ধাৰিত স্থানত গাহৰি কটাৰ নিৰ্দেশ প্ৰত্যাহাৰ। সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে GMCক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। পূৰ্বে সেই ঠাইত গাহৰি কাটিলে বিক্ৰেতাই দিব লাগিছিল ২০০ টকা। GMC-এ সেই মূল্য বঢ়াই এটা গাহৰিৰ বাবদ বিচাৰিছিল ১,২০০ টকা। ফলত গাহৰি মাংসৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছিল। অৱশেষত বিষয় সন্দৰ্ভত সামাজিক মাধ্যমত লিখিলে মুখ্যমন্ত্ৰীয়ে, ‘গাহৰিৰ মাংস হৈছে এক জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য। GMCৰ এই সিদ্ধান্তই মাংসৰ দামত প্ৰভাৱ পেলাব পাৰে।’ তেনে কৰাটো গ্ৰহণযোগ্য নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। গতিকে GMCৰ পূৰ্বৰ সিদ্ধান্ত বাতিল কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...