গাহৰি মাংস সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

গাহৰি খাই ভালপোৱাসকলৰ বাবে সুখবৰ। বৃদ্ধি নহ’ব পাৰে গাহৰি মাংসৰ দাম। পাঞ্জাবাৰীস্থিত পশুধন নিগমৰ নিৰ্দ্ধাৰিত স্থানত গাহৰি কটাৰ নিৰ্দেশ প্ৰত্যাহাৰ। সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে GMCক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। পূৰ্বে সেই ঠাইত গাহৰি কাটিলে বিক্ৰেতাই দিব লাগিছিল ২০০ টকা। GMC-এ সেই মূল্য বঢ়াই এটা গাহৰিৰ বাবদ বিচাৰিছিল ১,২০০ টকা। ফলত গাহৰি মাংসৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছিল। অৱশেষত বিষয় সন্দৰ্ভত সামাজিক মাধ্যমত লিখিলে মুখ্যমন্ত্ৰীয়ে, ‘গাহৰিৰ মাংস হৈছে এক জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য। GMCৰ এই সিদ্ধান্তই মাংসৰ দামত প্ৰভাৱ পেলাব পাৰে।’ তেনে কৰাটো গ্ৰহণযোগ্য নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। গতিকে GMCৰ পূৰ্বৰ সিদ্ধান্ত বাতিল কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

Popular

More like this
Related

অসম ক্ৰিকেটৰ উত্তৰণ দেখি মই অভিভুত : ছৈৰাজ বহুতুলে

গুৱাহাটীৰ ৰাজস্থান ৰয়েলছ-চি এছ কে মেচত আকৰ্ষনীয় ছিনক্ৰ’নাইজড এৰিয়েল...

৩১ মাৰ্চ সমাগত! কৰফাঁকি দি সাৰি যাব নোৱাৰে কোনো বাহন

সুৰক্ষিত যাতায়াতৰ স্বাৰ্থত শীঘ্ৰে যান-বাহনৰ নথিপত্ৰসমূহ সঠিক কৰি লওক চলিত...

এজোপা গছ কটাৰ বাবে ১ লাখকৈ টকা জৰিমনা

বন ধ্বংসকাৰীৰ বিৰুদ্ধে কঠোৰ উচ্চতম ন্যায়ালয়। এজোপা গছ কটাৰ...

দ্ৰুতগতিত হ্ৰাস চীনৰ জনসংখ্যা

কেইটামান বছৰৰ পূৰ্বে বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ আছিল চীন।...