শুভ সংবাদ : বিশ্বনাথত বিজয়োল্লাস

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এটা বিশেষ টুইট। লগে লগে আনন্দৰ জোৱাৰ বিশ্বনাথত। বাণৰজাৰ স্মৃতিবিজড়িত এই ঘাটৰ আছে অলেখ কাহিনী। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা খবৰে হাঁহিৰ ফুল ফুলাইছে বিশ্বনাথবাসীৰ মনত। কি খবৰ দিলে মুখ্যমন্ত্ৰী শৰ্মাই?

শুভ সংবাদ
বিশ্বনাথত বিজয়োল্লাস
ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এটা বিশেষ টুইট
লগে লগে আনন্দৰ জোৱাৰ বিশ্বনাথত
এই আনন্দ নতুন জিলা গঠনক লৈ নহয়
কাৰণ অন্য এটিহে…

কুৰিৰো অধিক মন্দিৰৰে সমৃদ্ধ গুপ্তকাশী বিশ্বনাথ ঘাট। নৈসৰ্গিক পৰিৱেশৰো সুকীয়া আকৰ্ষণৰ কেন্দ্ৰ এই ঘাট। সুবিশাল ব্ৰহ্মপুত্ৰৰ জলৰাশি-বিধৌত অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্যই সকলো লোককে এই স্থানলৈ আকৰ্ষণ কৰে। এই বিশ্বনাথ ঘাটলৈ আগবঢ়োৱা হৈছে ২০২৩ চনৰ ভাৰত বৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ পৰ্যটন গাঁও সন্মান। বৃহস্পতিবাৰে দুপৰীয়া ১২ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনাই এই সুখবৰ। লগে লগে উল্লাসৰ ঢল বিশ্বনাথত। বাৰ্তাবাহক মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে স্থানীয় জনতাই।

দেশৰ ৩১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা অহা ৭৯১ খন আবেদনৰ ভিতৰত দেশৰ অন্যতম শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে বিশ্বনাথ ঘাট নিৰ্বাচিত হোৱাৰ পিছতে সমগ্ৰ অসমৰ লগতে বিশ্বনাথবাসীক উৎফুল্লিত কৰি তুলিছে। এক সুন্দৰ গ্ৰাম্য পৰ্যটনৰ স্থান বিশ্বনাথ ঘাটক আজি পৰ্যটন মন্ত্ৰালয়ে উপযুক্ত মৰ্যাদা প্ৰদান কৰাত ধন্যবাদ জনাইছে গাঁওখনৰ ৰাইজে।

বাণৰজাৰ স্মৃতিবিজড়িত এই ঘাটৰ আছে অলেখ কাহিনী। আহোম যুগৰ সাক্ষী বহন কৰি আহোম ৰজা সকলৰ বহু কীৰ্তি চিহ্ন আজিও সজীৱ হৈ আছে গুপ্তকাশী বিশ্বনাথ ঘাটত। বৃটিছ শাসন কালতো এই গুপ্তকাশী বিশ্বনাথ ঘাটতে স্থাপন কৰা হৈছিল জাহাজ ঘাট। আনন্দ উল্লাসৰ মাজতে সংবাদ মাধ্যমকো ধন্যবাদ জনাইছে গঞাই।

বিশ্বনাথ ঘাটৰ বাছনিয়ে অসমত গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনীয়তাক পুনৰ প্ৰতীয়মান কৰিছে। সকলোৰে আশা, পৰ্যটন মন্ত্ৰালয়ৰ এই মৰ্যাদাৰ পাছত নিকট ভৱিষ্যতত এই স্থান সংৰক্ষণ হোৱাৰ লগতে গ্ৰাম্য পৰ্যটনৰ হ’ব মজবুত বুনিয়াদ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...