নৈশ বাছৰ পৰা জব্দ সোণৰ বিস্কুট, জালত ২ সৰবৰাহকাৰী

মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন নৈশ বাছৰ পৰা বৃহস্পতিবাৰে আৰক্ষীয়ে বোকাজানত প্ৰায় আধা কিলোগ্ৰাম ওজনৰ সোণৰ বিস্কুট জব্দ কৰে। ঘটনা সন্দৰ্ভত ২ সৰবৰাহকাৰীকো আটক কৰা হৈছে। আটকাধীন সৰবৰাহকাৰী দুটা মণিপুৰৰ ৰমেশ ছালাম আৰু ইন্দুবালা টংৰাম বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। আৰক্ষী সূত্ৰই আৰু প্ৰকাশ কৰা মতে সোণখিনি মহিলা সৰবৰাহকাৰী ইন্দুবালাই নিজৰ গুপ্তাংগৰ ভিতৰত লুকুৱাই আনিছিল। সোণখিনি সৰবৰাহ কৰা নেটৱৰ্ক ট্ৰেভেলছৰ বাছখনৰ নম্বৰ হৈছে AS01AC-8977.

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...