নৈশ বাছৰ পৰা জব্দ সোণৰ বিস্কুট, জালত ২ সৰবৰাহকাৰী

মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন নৈশ বাছৰ পৰা বৃহস্পতিবাৰে আৰক্ষীয়ে বোকাজানত প্ৰায় আধা কিলোগ্ৰাম ওজনৰ সোণৰ বিস্কুট জব্দ কৰে। ঘটনা সন্দৰ্ভত ২ সৰবৰাহকাৰীকো আটক কৰা হৈছে। আটকাধীন সৰবৰাহকাৰী দুটা মণিপুৰৰ ৰমেশ ছালাম আৰু ইন্দুবালা টংৰাম বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। আৰক্ষী সূত্ৰই আৰু প্ৰকাশ কৰা মতে সোণখিনি মহিলা সৰবৰাহকাৰী ইন্দুবালাই নিজৰ গুপ্তাংগৰ ভিতৰত লুকুৱাই আনিছিল। সোণখিনি সৰবৰাহ কৰা নেটৱৰ্ক ট্ৰেভেলছৰ বাছখনৰ নম্বৰ হৈছে AS01AC-8977.

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...