কণ্ঠশিল্পী দীপলিনা ডেকাৰ মহানুভৱতা

দুৰ্গাপূজাৰ সপ্তমীৰ দিনটোত ব্ৰহ্মাজানৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ধনবৰ ভূঞা নামৰ ব্যক্তিজনে। তেওঁৰ দুটি সন্তানৰ কান্দোনে সকলোৰে অন্তৰ চুই গৈছিল। অতি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালটিৰ কাষত থিয় দিলেহি গুৱাহাটীৰ “The Team” নামৰ NGOয়ে। কণমানি দুটিৰ দশম শ্ৰেণীলৈকে পঢ়াৰ দায়িত্ব লগতে বন্ধকত থকা এবিঘা মাটি খুলি দিয়াৰ ব্যৱস্থা কৰাৰ কথা জনায়। লগতে কণমানি দুটিক বৰ্তমান পঢ়াৰ বাবে সাধ্যনুসৰি আৰ্থিক সাহাৰ্য, খেলৰ সামগ্ৰী, শৈক্ষিক সঁজুলি, বস্ত্ৰৰ টোপোলা আদিকে ধৰি যথেষ্ট সংখ্যক সামগ্ৰী প্ৰদান কৰে।

আনহাতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ডিপলীনা ডেকাই ব্যক্তিগত ভাৱে দুৰ্ভগীয়া পৰিয়ালটিক নগদ ২০ হাজাৰ টকা প্ৰদান কৰে তেওঁৰ চাৰিগৰাকী শুভাকাংক্ষীৰ হাতত। তেওঁলোকে ডিপলিনাৰ হৈ টকা খিনি প্ৰদাণ কৰে পৰিয়ালটিক। ডিপলিনা ডেকাই ফোনযোগে দুৰ্ভগীয়া পৰিয়ালটিৰ খবৰ লয় আৰু খুব সোনকালেই পৰিয়ালটিৰ গৃহলৈ অহাৰ কথাও জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...

আগৰকাৰৰ পিছত কোন? নিৰ্বাচক পদক লৈ চৰ্চাৰ মাজতে শ্ৰীকান্তৰ মন্তব্য

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য...

টেলিকম কোম্পানীক লৈ কঠোৰ TRAI; প্ৰয়োজন নথকা ডাটাৰ বাবে গ্ৰাহকে ভৰিব নালাগে অতিৰিক্ত ধন

মোবাইল গ্ৰাহকৰ বাবে বিশেষকৈ ফিচাৰ ফোন ব্যৱহাৰকাৰীসকলৰ বাবে সুখবৰ...

বিশ্বৰ মহাকাশ দৌৰত ভাৰতৰ নতুন লক্ষ্য

মহাকাশ ক্ষেত্ৰত বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰিছে ভাৰতে। ২০৩০ চনৰ...