ভোক আৰু অসহায়তাই মানুহক কোন পৰ্যায়লৈ ঠেলি নিব পাৰে, তাৰ এক শিহৰণকাৰী ছবি পোহৰলৈ আহিছে ওড়িশাৰ সম্বলপুৰত। স্থানীয় লোকৰ দাবী অনুসৰি, গাড়ীৰ খুন্দাত মৃত্যু হোৱা এটা কুকুৰৰ মৃতদেহৰ পৰা মাংস ছিঙি খোৱা দেখা গৈছে এজন অঘৰী যুৱকক।
শুকুৰবাৰে নিশা প্ৰায় ৯.১০ বজাৰ পৰা ৯.১৫ বজাৰ ভিতৰত সম্বলপুৰ চহৰৰ উপকণ্ঠৰ মানেশ্বৰ চক অঞ্চলত সংঘটিত হয় এই ঘটনা। ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। অৱশ্যে ভিডিঅ’টোৰ সত্যতা স্বতন্ত্ৰভাৱে পৰীক্ষা কৰা হোৱা নাই। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা যুৱকজনক আটক কৰাৰ লগতে মৃত কুকুৰটোৰ হাড় আৰু অৱশিষ্টাংশ উদ্ধাৰ কৰিছে।
স্থানীয় লোক আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, ঘটনাৰ কিছু সময় পূৰ্বে যুৱকজনে খাদ্য বিচাৰি ওচৰৰ এখন হোটেললৈ গৈছিল। কিন্তু নিজৰ কথা স্পষ্টকৈ বুজাই ক’ব নোৱাৰাত হোটেলৰ কৰ্মচাৰীসকলে তেওঁৰ কথা বুজি নাপালে। ফলত খাদ্য নোখোৱাকৈয়ে তেওঁ হোটেলৰ পৰা ওলাই আহে।
ইয়াৰ পিছত খাদ্যৰ সন্ধানত ঘূৰি ফুৰোঁতে মানেশ্বৰ চকত ঘাইপথৰ দাঁতিত গাড়ীৰ খুন্দাত মৃত্যু হোৱা এটা কুকুৰৰ মৃতদেহ প্ৰত্যক্ষ কৰে। অভিযোগ অনুসৰি, পথৰ মাজতে বহি যুৱকজনে কুকুৰটোৰ কেঁচা মাংস আৰু নাড়ী-ভুঁৰু ছিঙি খাবলৈ আৰম্ভ কৰে। এই দৃশ্য দেখি পথচাৰীসকল হতচকিত হৈ পৰে। একাংশ লোকে তেওঁক বাধা দিবলৈ চেষ্টা কৰে যদিও যুৱকজনে কাৰো কথাত গুৰুত্ব নিদি মাংস খাই থাকে।
যুৱকজনৰ শাৰীৰিক অৱস্থা আৰু অস্বাভাৱিক আচৰণ দেখি স্থানীয় লোকসকলৰ সন্দেহ হৈছে যে তেওঁ হয়তো কেইবাদিনো ধৰি অনাহাৰে আছে। আনহাতে, তেওঁ মানসিকভাৱেও অসুস্থ হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে একাংশই। অৱশ্যে এই সন্দৰ্ভত প্ৰশাসনৰ তৰফৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই।
ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে যুৱকজনক নিজৰ জিম্মাত লোৱাৰ লগতে মৃত কুকুৰটোৰ অৱশিষ্টাংশও উদ্ধাৰ কৰে।
ঘটনাটোৱে স্থানীয় বাসিন্দাসকলৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। তেওঁলোকৰ মতে, এই ঘটনা কেৱল এক শিহৰণকাৰী দৃশ্যই নহয়, বৰঞ্চ সমাজৰ আশ্ৰয়হীন আৰু দৰিদ্ৰ লোকসকলৰ দুৰৱস্থাৰো এক কৰুণ প্ৰতিফলন।
যুৱকজনৰ পৰিচয় উদ্ধাৰ কৰি তেওঁক পৰ্যাপ্ত খাদ্য, নিৰাপদ আশ্ৰয় আৰু উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ স্থানীয় প্ৰশাসন তথা সমাজকল্যাণমূলক সংস্থাসমূহক আহ্বান জনাইছে অঞ্চলটোৰ একাংশ সচেতন লোকে।
