‘মুক্তিৰথ’ সেৱাৰ শুভাৰম্ভ গুৱাহাটী পৌৰ নিগমৰ

গুৱাহাটী মহানগৰবাসীলৈ জনমুখী সেৱা আগবঢোৱাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে আজি গুৱাহাটী পৌৰ নিগমে ‘মুক্তিৰথ’ শীৰ্ষক এক বিশেষ সেৱাৰ শুভাৰম্ভ কৰে। ফেডাৰেল বেংকৰ সহযোগত হাতত লোৱা এই বিশেষ শৱদেহ কঢ়িওৱা বাহনৰ সেৱা গুৱাহাটীবাসী ৰাইজলৈ আনুষ্ঠানিকভাৱে উৎসৰ্গা কৰে মেয়ৰ মৃগেন শৰণীয়াই। এই উপলক্ষে নেহৰু ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানত উপ-মেয়ৰ স্মিতা ৰয় আৰু আয়ুক্ত মেঘনিধি দাহালকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

মুক্তিৰথ হৈছে এক বিনামূলীয়া শৱদেহ কঢ়িওৱা বাহনৰ সেৱা, যি নাগৰিকৰ প্ৰাত্যহিক জীৱনৰ প্ৰয়োজনীয়তাসমূহ পূৰণৰ দিশত থকা গুৱাহাটী পৌৰ নিগমৰ অটল দায়বদ্ধতাক প্ৰতিফলিত কৰে। এই পদক্ষেপে চহৰখনৰ নাগৰিকসকলৰ বাবে পৌৰ প্ৰশাসনৰ এক সহানুভূতিশীল আৰু সহায়কাৰী পৰিৱেশ গঢ়ি তোলাৰ সংকল্পকো প্ৰতিফলিত কৰে। গুৱাহাটীবাসী ৰাইজে +৯১-৮৮১১০০৭০০০ নম্বৰত ডায়েল কৰি এই বিনামূলীয়া সেৱাৰ সুবিধা লাভ কৰিব পাৰিব।

অনুষ্ঠানত ভাষণ দি মেয়ৰ শৰণীয়াই কয় যে এই পদক্ষেপ হৈছে জীৱনৰ এক প্ৰত্যাহ্বানমূলক সময়ত নাগৰিকৰ কাষত থিয় দি তেওঁলৈ কিঞ্চিত সহযোগিতা আগবঢোৱাতো নিশ্চিত কৰাৰ দিশত এক নম্ৰ পদক্ষেপ। মুক্তিৰথে গুৱাহাটীক যত্ন আৰু মমতাৰ চহৰ হিচাপে গঢ়ি তোলাৰ দিশত পৌৰ নিগমৰ দায়বদ্ধতাক মূৰ্ত কৰি তুলিছে বুলিও তেওঁ মন্তব্য কৰে।

গুৱাহাটী পৌৰ নিগমে এই উদাৰ প্ৰচেষ্টাক সহায় কৰাৰ বাবে ফেডাৰেল বেংকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে গুৱাহাটীবাসীক প্ৰয়োজনীয় সময়ত এই সুবিধা গ্ৰহণৰ বাবে আহ্বান জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...