অসমীয়া বোলছবি জগতলৈ সুখবৰঃ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰশংসিত “মিনি” জিঅ’ চিনেমাত…

ঢেকীয়াখোৱা বৰনামঘৰত শুভ মূহুৰতৰে আৰম্ভ কৰা, বিশিষ্ট অভিনেতা তথা প্রযোজক পংকজ মহন্তৰ দ্বাৰা সাদ্রী ভাষাত (আংশিক অসমীয়া) নির্মিত অসমৰ কথাছবি ‘মিনি’ বছৰৰ শেষ ভাগত প্ৰথমবাৰৰ বাবে দেশৰ আগশাৰীৰ অ’.টি.টি. প্লেটফর্ম জিঅ’ চিনেমাত আজিৰ পৰা প্ৰদৰ্শিত হৈ অসমৰ কথাছবি জগতলৈ এক নতুন সংবাদ কঢ়িয়াই আনিছে। যথেষ্ট ঘাট ঘাট-প্রতিঘাট আৰু বাধা-বিঘিনি নেওচি অসমৰ চাহ উদ্যোগৰ দুশ বছৰীয়া জয়ন্তী উপলক্ষে চাহ জনগোষ্ঠীৰ লোকসকলৰ জীৱন সংগ্ৰামৰ এক ব্যতিক্রমী কাহিনীক লৈ সাদ্রী ভাষাত এখন পূর্ণাংগ কথাছবি নিৰ্মাণ কৰাৰ প্রত্যাহ্বানেৰে নিৰ্মিত কথাছবিখন ৰাষ্ট্ৰপতি ভৱনৰ দ্বাৰা আমন্ত্ৰিত এক বিশেষ প্রদর্শনীত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যোৱা ১ এপ্রিল তাৰিখে উপভোগ কৰি কথাছবিখনৰ মানদণ্ড আৰু সমাজ সংস্কাৰমূলক বাৰ্তাৰ বাবে উচ্চ প্রশংসা কৰে।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতি ভৱনত প্রদর্শিত ‘মিনি’ অসমৰ প্ৰথম সাদ্রী ভাষাত নির্মিত কথাছবি। অসমীয়া কথাছবিৰ সীমিত দর্শক, প্রতিষ্ঠিত শিল্পী, কলা-কুশলীৰ খৰচ, কাৰিকৰী অসুবিধা ইত্যাদি সকলোবোৰ সমস্যা মূৰ পাতি চাহ জনগোষ্ঠীৰ জীৱনৰ এক সঁচা অধ্যায় দৰ্শকৰ মাজলৈ অনাৰ দৃঢ় সংকল্পৰে নিৰ্মিত পংকজ মহন্তৰ ‘মিনি’ বোলছবিখনে ইতিমধ্যে মুম্বাইত অনুষ্ঠিত থার্ড আই এচিয়ান ফিল্ম ফেষ্টিভেল, মুম্বাইৰ ল’নাৱালাত অনুষ্ঠিত লিফ্ট ইণ্ডিয়া ফিল্মোৎসৱ আৰু ইটালীৰ আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেস্টিভেল আদিলৈ আমন্ত্রিত হৈ দর্শক, সমালোচক সকলৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে, মুম্বাইত অনুষ্ঠিত নর্থ-ইষ্ট ফিল্ম ফেস্টিভেলৰ কাহিনী চিত্র শাখাত ব্ৰঞ্জৰ পদক অর্জন কৰিবলৈ সমৰ্থ হৈছে। যিকোনো কাম সৎ উদ্দেশ্যৰে অহোপুৰুষাৰ্থ কৰি সমাপন কৰিলে দেৰিকৈ হ’লেও সফলতা আহিব বুলি দৃঢ়তাৰে বিশ্বাস কৰা প্ৰযোজক তথা প্রতিষ্ঠিত অভিনেতা পংকজ মহন্তৰ ‘মিনি’ শেহতীয়াভাৱে, দেশৰ এক আগশাৰীৰ অ’টি.টি. প্লেটফর্ম জিঅ’ চিনেমালৈ নির্বাচিত হোৱাত অসমৰ চাহ উদ্যোগৰ ২০০ বছৰীয়া উত্থান-পতন তথা এই উদ্যোগৰ লগত জড়িত সকলোৰে লগতে চাহ- জনগোষ্ঠীৰ সকলো লোকে সহজে চাব পৰা সুবিধা লাভ কৰাত অভিনেতা-অভিনেত্রী তথা কলাকুশলী সকলৰ লগতে অসমীয়া কথাছবি জগতৰ লগত জড়িত শুভাকাংক্ষী সকলে আনন্দ প্ৰকাশ কৰিছে। মুম্বাইৰ চিনেমা জগতত ইতিমধ্যে থিতাপি লোৱা বলিষ্ঠ অভিনেতা/অভিনেত্রী উর্মিলা মহন্ত, বলোৰাম দাস আৰু প্রতিষ্ঠিত অভিনেতা পংকজ মহন্ত আদি শিল্পীৰ সমাবেশৰে নিৰ্মিত তথা অৰুণজ্যোতি বৰাৰ পৰিচালনাৰে নিৰ্মিত ‘মিনি’ জিঅ’ চিনেমালৈ নিৰ্বাচিত হোৱাত দেশৰ সকলো প্ৰান্তৰ দৰ্শকক আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰ পৰা নীতিন নবীন মোৰ বছ, মই তেওঁৰ কৰ্মী : প্ৰধানমন্ত্ৰী মোদী

ভাৰতীয় জনতা পাৰ্টিৰ নতুন সভাপতি নীতিন নবীন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

কি বিপদত পৰিল আবুধাবি? কিয় হঠাৎ দুঘণ্টাৰ বাবে ভাৰতলৈ আহিল UAEৰ ৰাষ্ট্ৰপতি?

ভাৰত ভ্ৰমণৰ বাবে আকস্মিকভাৱে উপস্থিত হয় UAEৰ ৰাষ্ট্ৰপতি মহম্মদ...

পুনৰ চৰ্চাত কিম জং উন; পথৰ মাজতে বৰ্খাস্ত কৰিলে উপ-প্ৰধানমন্ত্ৰীক

উত্তৰ কোৰিয়াৰ শাসক কিম জং উন কঠোৰ নীতি আৰু...

আমেৰিকাৰ পতাকা লৈ গ্ৰীণলেণ্ডত উপস্থিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

গ্ৰীনলেণ্ডৰ ওপৰত চোকা নজৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। তেওঁ...