‘মুক্তিৰথ’ সেৱাৰ শুভাৰম্ভ গুৱাহাটী পৌৰ নিগমৰ

গুৱাহাটী মহানগৰবাসীলৈ জনমুখী সেৱা আগবঢোৱাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে আজি গুৱাহাটী পৌৰ নিগমে ‘মুক্তিৰথ’ শীৰ্ষক এক বিশেষ সেৱাৰ শুভাৰম্ভ কৰে। ফেডাৰেল বেংকৰ সহযোগত হাতত লোৱা এই বিশেষ শৱদেহ কঢ়িওৱা বাহনৰ সেৱা গুৱাহাটীবাসী ৰাইজলৈ আনুষ্ঠানিকভাৱে উৎসৰ্গা কৰে মেয়ৰ মৃগেন শৰণীয়াই। এই উপলক্ষে নেহৰু ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানত উপ-মেয়ৰ স্মিতা ৰয় আৰু আয়ুক্ত মেঘনিধি দাহালকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

মুক্তিৰথ হৈছে এক বিনামূলীয়া শৱদেহ কঢ়িওৱা বাহনৰ সেৱা, যি নাগৰিকৰ প্ৰাত্যহিক জীৱনৰ প্ৰয়োজনীয়তাসমূহ পূৰণৰ দিশত থকা গুৱাহাটী পৌৰ নিগমৰ অটল দায়বদ্ধতাক প্ৰতিফলিত কৰে। এই পদক্ষেপে চহৰখনৰ নাগৰিকসকলৰ বাবে পৌৰ প্ৰশাসনৰ এক সহানুভূতিশীল আৰু সহায়কাৰী পৰিৱেশ গঢ়ি তোলাৰ সংকল্পকো প্ৰতিফলিত কৰে। গুৱাহাটীবাসী ৰাইজে +৯১-৮৮১১০০৭০০০ নম্বৰত ডায়েল কৰি এই বিনামূলীয়া সেৱাৰ সুবিধা লাভ কৰিব পাৰিব।

অনুষ্ঠানত ভাষণ দি মেয়ৰ শৰণীয়াই কয় যে এই পদক্ষেপ হৈছে জীৱনৰ এক প্ৰত্যাহ্বানমূলক সময়ত নাগৰিকৰ কাষত থিয় দি তেওঁলৈ কিঞ্চিত সহযোগিতা আগবঢোৱাতো নিশ্চিত কৰাৰ দিশত এক নম্ৰ পদক্ষেপ। মুক্তিৰথে গুৱাহাটীক যত্ন আৰু মমতাৰ চহৰ হিচাপে গঢ়ি তোলাৰ দিশত পৌৰ নিগমৰ দায়বদ্ধতাক মূৰ্ত কৰি তুলিছে বুলিও তেওঁ মন্তব্য কৰে।

গুৱাহাটী পৌৰ নিগমে এই উদাৰ প্ৰচেষ্টাক সহায় কৰাৰ বাবে ফেডাৰেল বেংকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে গুৱাহাটীবাসীক প্ৰয়োজনীয় সময়ত এই সুবিধা গ্ৰহণৰ বাবে আহ্বান জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...