বংগোপসাগৰত শক্তি বাঢ়িছে ঘূৰ্ণিবতাহ ফেংগলৰ

বংগোপসাগৰত ফেংগল নামৰ ঘূৰ্ণিবতাহৰ শক্তি বৃদ্ধি পাইছে। বিগত ছয় ঘণ্টা ধৰি এই ঘূৰ্ণিবতাহ ঘণ্টাত ১৩ কিলোমিটাৰ বেগত উপকূলৰ ফালে আগবাঢ়ি আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া আপডেট অনুসৰি, পুৱা ৫:৩০ বজালৈকে ফেংগল ত্ৰিনকোমালিৰ পৰা ১৩০ কিলোমিটাৰ দূৰত আছিল। ই নগাপট্টিনামৰ পৰা ৪০০ কিলোমিটাৰ, পুডুচেৰীৰ পৰা ৫১০ কিলোমিটাৰ দক্ষিণ-পূব দিশত আৰু চেন্নাইৰ পৰা ৫৯০ কিলোমিটাৰ দূৰত্বত অৱস্থান কৰিছে।

ইণ্ডিয়ান মেটিওৰলজিকেল ডিপাৰ্টমেন্ট (IMD)-ৰ তথ্য অনুসৰি, ২৯ নৱেম্বৰত শুকুৰবাৰে এই ঘূৰ্ণিবতাহে স্থলভাগত প্ৰৱেশ কৰিব পাৰে। ফেংগল তামিলনাডুৰ দক্ষিণ-পূব উপকূলত প্ৰৱেশ কৰাৰ সম্ভাৱনা দেখা গৈছে। ফেংগলৰ দ্বাৰা তামিলনাডু আৰু পুডুচেৰী আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা আছে।

বতৰ বিজ্ঞান বিভাগৰ তথ্যৰ আধাৰত, তামিলনাডু, পুডুচেৰী আৰু অন্ধ্ৰ প্ৰদেশৰ উপকূলত ঘূৰ্ণিবতাহৰ প্ৰভাৱৰ বাবে ধাৰাসাৰ বৰষুণ হ’ব। পশ্চিম বংগৰ ২৪ পৰগনা আৰু মেদিনীপুৰতো ফেংগলৰ প্ৰভাৱৰ ফলত বৰষুণৰ সম্ভাৱনা দেখা দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সুৰেৰে অসমবাসীৰ মাজত আজিও অমৰ ‘ৰাণাদা’; কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পূণ্যতিথিত স্মৰণ অসমবাসীৰ

অসমীয়া সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, দৰদী কণ্ঠশিল্পী, সুৰকাৰ...

বাংলাদেশলৈ ২০০টা ৰে’লৰ ডবা যোগান ধৰিব ভাৰতে; প্ৰথম ১৮টা প্ৰেৰণ

ভাৰত আৰু বাংলাদেশৰ মাজত ৰে’ল যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ...

মহানগৰী গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ, গুলীবিদ্ধ ২ চিলনী চোৰ

গুৱাহাটী মহানগৰীত আৰক্ষীৰ গুলীত আহত হৈছে দুই অভিযুক্ত চিলনী...