জ্যেষ্ঠ সাংবাদিক, ঔপন্যাসিক বুলন কুমাৰ শইকীয়া আৰু নাই

জনপ্ৰিয় সাংবাদিক, নিবন্ধকাৰ আৰু ঔপন্যাসিক বুলন কুমাৰ শইকীয়াৰ বৃহস্পতিবাৰে পুৱা নাহৰকটীয়াৰ নিজা বাসগৃহত মৃত্যু হয়। দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল শইকীয়া।

বুলন কুমাৰ শইকীয়া কেইবাখনো জনপ্ৰিয় গ্ৰন্থৰ স্ৰষ্টা আছিল। সাংবাদিকতাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অশেষ, লগতে সাহিত্যৰ ক্ষেত্ৰতো নিৰৱিচ্ছিন্নভাৱে সৃষ্টিশীলতাৰ নিদৰ্শন দাঙি ধৰিছিল শইকীয়াই। তেওঁৰ কলমৰ পৰা “আৰাকান ইণ্টেল”ৰ দৰে বহুল জনপ্ৰিয় গ্ৰন্থ প্ৰকাশিত হৈছে। শেহতীয়াকৈ, তেওঁ “চি ইন চি” নামৰ এখন গ্ৰন্থৰ কাম কৰি আছিল, যদিও সেই গ্ৰন্থখন প্ৰকাশৰ পথত আছিল।

বুলন কুমাৰ শইকীয়াৰ মৃত্যুত ৰাজ্যৰ সাংবাদিকতা আৰু সাহিত্যৰ জগতখনত শোকৰ ছাঁ পৰিছে।

Popular

More like this
Related

মিছা প্ৰমাণিত হ’ল বিগ-বিৰ পুত্ৰ-বোৱাৰীৰ বিবাহ-বিচ্ছেদৰ খবৰ

সকলো উৰাবাতৰিৰ মাজতে একেলগে দেখা গ’ল বলিউডৰ জনপ্ৰিয় দম্পতি...

BCCIৰ সচিব পদত দেৱজিৎ শইকীয়া

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ। BCCIৰ সচিব পদত দেৱজিৎ শইকীয়া।...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি। মুম্বাই আৰক্ষীয়ে হোৱাটছএপ যোগে...

নিয়ৰসনা ডিচেম্বৰতো নাই গ্ৰীটিংছ কাৰ্ডৰ আকুলতা

চাওতে চাওতে আকৌ অতীত হ'ব এটা বছৰ। পুৰণিৰ স্মৃতি...