দক্ষিণ এছিয়াত ধূলিস্যাৎ বিশ্বায়নৰ অৱধাৰণা

✒️অচিন্ত্য শৰ্মা

ভাৰত, নেপাল, ভূটান, আৰু বাংলাদেশ- অকল এই চাৰিখন দেশৰ মাজতেই আছে অতি কমেও বিশাল চাৰে তিনিলাখ টকাৰ বাণিজ্যিক সম্ভাৱণীয়তা। অথচ দুৰ্বল যোগাযোগৰ আৰু পৰিবহণ ব্যৱস্থাই কলিতে মষিমূৰ কৰি দিছে এনে সম্ভাৱণীয়তাক। বিশেষকৈ বাণিজ্যিক বাহনসমূহে আন্তঃৰাষ্ট্ৰীয় পৰম্পৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা আনুষ্ঠানিকতা আৰু তেনে আনুষ্ঠানিকতাই সৃষ্টি কৰা জটিলতাসমূহ হৈ উঠিছে দক্ষিণ এছিয়াত মুক্ত বাণিজ্যিৰ ক্ষেত্ৰৰ প্ৰধান বাধা। আপুনি শুনি আচৰিত হ’ব যে, ভাৰতৰ এখন ট্ৰাকক গাতে লাগি থকা বাংলাদেশ পাবলৈ সময় লাগে ১৩৮ ঘণ্টা। আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰিবলৈ প্ৰয়োজন হয় ২২খন নথি আৰু বিভিন্ন বিষয়াৰ ৫৫টা চহীৰ। অঞ্চলটোৰ এনে অবস্থাই হতবাক কৰি তুলিছে খোদ বিশ্ব বেংককো। বেংকৰ উৰ্দ্ধতম বিষয়া ছিছিল ফুৰমেনে অলপতে বিষয়টোৰ ওপৰত মন্তব্য দি কয় যে, জটিল পৰিবহন ব্যৱস্থাই সমগ্ৰ দক্ষিণ এছিয়া অঞ্চলটোৰেই সংহতি বিনষ্ট কৰিছে। লক্ষণীয়ভাবে ফুৰমেন বিশ্ববেংকৰ অন্তৰ্গত ৰিজিঅ’নেল ইণ্টিগ্ৰেশ্যন এণ্ড এনগেজমেণ্ট ইন ছাউথ এছিয়া ৰিজিঅ’নৰ পৰিচালক। বিগত বহু দিনধৰি তেওঁ অধ্যয়ন কৰিছে দক্ষিণ এছিয়া অঞ্চলৰ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাকলৈ। সেয়েহে নিশ্চিতভাবে তেওঁৰ কথাত আছে যথেষ্ট গুৰুত্ব।

অৱশ্যে পৰিবহণ ব্যৱস্থাপনাৰ এই জটিলতা আতৰোৱাৰ বাবে ২০১৫ চনৰ জুলাই মাহতে চাৰিওখন ৰাষ্ট্ৰৰ মাজত এক মটৰ ভেহিকেল এগ্ৰিমেণ্ট স্বাক্ষৰিত হৈছে। পিছে আজি পৰ্যন্ত কাৰ্যৰূপায়িত হোৱা নাই উক্ত চুক্তি। এনে পৰিস্থিতিৰ পৰিপেক্ষিতত এতিয়া দক্ষিণ এছীয়াত অৰ্থহীন হৈ পৰিছে বিশ্বায়ন, গ্লোবেল ভিলেজ, মুক্ত অৰ্থনীতি আদিৰ অবধাৰণাও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...