ফিফা বিশ্বকাপত ফটোগ্ৰাফীৰে অসমক প্ৰতিনিধিত্ব গীতিকা তালুকদাৰৰ

কেমেৰাৰ লেন্সেৰে পৃথিৱী জয় কৰিব বিচৰা এগৰাকী অসমীয়া মহিলা। ফিফা বিশ্বকাপত ফটোগ্ৰাফীৰে অসমক প্ৰতিনিধিত্ব কৰিছে অসম কন্যা গীতিকা তালুকদাৰে। কাটাৰত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপ কভাৰ কৰা অসমীয়া মহিলা হিচাপে নিজৰ নাম সন্নিবিষ্ট কৰিছে গীতিকা তালুকদাৰে। ২০০৭ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ত স্প’ৰ্টছ ফটোগ্ৰাফী আৰম্ভ কৰা গীতিকা বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ অলিম্পিক কভাৰ কৰাৰ অভিজ্ঞতাৰে পুষ্ট। টকিঅ’ অলিম্পিক, ফিফা বিশ্বকাপ ২০১৮ আৰু তাৰ পিছত IPLতো কেমেৰাৰ লেন্সেৰে অসমক প্ৰতিনিধিত্ব কৰিছে অসম কন্যা গীতিকাই। বিশ্বৰ বিভিন্ন সম্প্ৰদায়ৰ সন্মুখত নিজৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰিছে অসম কন্যা গীতিকাই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফটো সাংবাদিক হিচাপে পৰিচয় লাভ কৰা গীতিকাই বিশ্বৰ ক্ৰীড়া জগতৰ বহু স্মৰণীয় মুহূৰ্ত্ব নিজৰ কেমেৰাত বন্দী কৰিছে। এটা সৰু কেমেৰাৰে ফটোগ্ৰাফী আৰম্ভ কৰা গীতিকা তালুকদাৰ এতিয়া এগৰাকী আন্তঃৰাষ্ট্ৰীয় ফটোগ্ৰাফাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...