চীনত পুনৰ সংহাৰী ৰূপ লৈছে কৰ’ণাই

চীনত পুনৰ সংহাৰী ৰূপ লৈছে কৰ’ণাৰ সংক্ৰমণে। প্ৰতিদিনে হাজাৰ হাজাৰ লোক নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে অভাৱনীয়ভাৱে বৃদ্ধি পাইছে মৃতকৰ সংখ্যাও। মৰ্গত মৃতদেহ ৰাখিবলৈ ঠাইৰ অভাৱ ঘটাৰ লগতে চিকিৎসালয়সমূহত ভিৰ কৰিছে হাজাৰ হাজাৰ ক’ভিড ৰোগীয়ে। আনকি সমাধিস্থলী সমূহতো মৃত আত্মীয়ৰ শেষকৃত্য সম্পন্ন কৰিবলৈ গৈ দীঘলীয়া শাৰী পাতিবলগীয়া হৈছে শ শ লোকে। ৰাইজৰ প্ৰতিবাদত বিগত দুবছৰৰো অধিক কাল ধৰি অব্যাহত থকা কঠোৰ ক’ভিড বিধি প্ৰত্যাহাৰ কৰাৰ পিছত পুনৰ গণসংক্ৰমণ আৰম্ভ হৈছে সমগ্ৰ চীনত। ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম হৈছে দেশখনত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যোৰহাটত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ

যোৰহাটত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ। দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালৰ...

মীৰাটৰ ‘নীলা ড্ৰাম’ হত্যাকাণ্ড: মৃত্যুদণ্ডক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ মুছকান-চাহিল

মীৰাটৰ ‘নীলা ড্ৰাম’ হত্যাকাণ্ডৰ দোষী মুছকান আৰু চাহিলে মৃত্যুদণ্ডক...

গোলাঘাটত লোমহৰ্ষক হত্যাকাণ্ড

গোলাঘাটৰ ৰঙাজানৰ ২ নং বৰগাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক...