ফিফা বিশ্বকাপত ফটোগ্ৰাফীৰে অসমক প্ৰতিনিধিত্ব গীতিকা তালুকদাৰৰ

কেমেৰাৰ লেন্সেৰে পৃথিৱী জয় কৰিব বিচৰা এগৰাকী অসমীয়া মহিলা। ফিফা বিশ্বকাপত ফটোগ্ৰাফীৰে অসমক প্ৰতিনিধিত্ব কৰিছে অসম কন্যা গীতিকা তালুকদাৰে। কাটাৰত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপ কভাৰ কৰা অসমীয়া মহিলা হিচাপে নিজৰ নাম সন্নিবিষ্ট কৰিছে গীতিকা তালুকদাৰে। ২০০৭ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ত স্প’ৰ্টছ ফটোগ্ৰাফী আৰম্ভ কৰা গীতিকা বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ অলিম্পিক কভাৰ কৰাৰ অভিজ্ঞতাৰে পুষ্ট। টকিঅ’ অলিম্পিক, ফিফা বিশ্বকাপ ২০১৮ আৰু তাৰ পিছত IPLতো কেমেৰাৰ লেন্সেৰে অসমক প্ৰতিনিধিত্ব কৰিছে অসম কন্যা গীতিকাই। বিশ্বৰ বিভিন্ন সম্প্ৰদায়ৰ সন্মুখত নিজৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰিছে অসম কন্যা গীতিকাই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফটো সাংবাদিক হিচাপে পৰিচয় লাভ কৰা গীতিকাই বিশ্বৰ ক্ৰীড়া জগতৰ বহু স্মৰণীয় মুহূৰ্ত্ব নিজৰ কেমেৰাত বন্দী কৰিছে। এটা সৰু কেমেৰাৰে ফটোগ্ৰাফী আৰম্ভ কৰা গীতিকা তালুকদাৰ এতিয়া এগৰাকী আন্তঃৰাষ্ট্ৰীয় ফটোগ্ৰাফাৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বেলুচিস্তানৰ ইতিহাস আৰু সমসাময়িক পৰিস্থিতি

বেলুচিস্তান পাকিস্তানৰ এখন প্ৰদেশ। দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত বেলুচিস্তান...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব গ্ৰহণ NIAৰ

জম্মু আৰু কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয়...

৫ হাজাৰ পাকিস্তানী নাগৰিকৰ তালিকা আৰক্ষীৰ হাতত তুলি দিছে IBয়ে

ইন্টেলিজেন্স ব্যুৰো (আই বি)য়ে দিল্লীত বসবাস কৰা প্ৰায় ৫,০০০...

পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন বাহন

কানাডাত ভয়াৱহ পথ দুৰ্ঘটনা। পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন...