দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত শতক অৰ্জন শুভমন গিলৰ

দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত শতক অৰ্জন শুভমন গিলৰ
১২খন টেষ্টৰ পিছত গিলৰ শতকেৰে স্বস্তিত টীম ইণ্ডিয়া
প্ৰায় এবছৰৰ পিছত শতৰান কৰিলে গিলে
যশপ্ৰীত বুমৰাহেও ১৫০ উইকেট লৈ পিছ পেলালে কপিল দেৱক


ভাৰতীয় দলত শুভমন গিলৰ স্থানক লৈ উত্থাপন হৈছিল প্ৰশ্ন। তৃতীয় স্থানত বেটিং কৰিবলৈ গৈ ধাৰাবাহিক ব্যৰ্থতাৰ বাবে সমালোচিত হৈছিল শুভমন গিল। গিলৰ প্ৰদৰ্শনক লৈ প্ৰাক্তন ক্ৰিকেটাৰেও প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া। অৱশ্যে দক্ষিণ আফ্ৰিকাৰ জেক কালিছ, ইংলেণ্ডৰ কেভিন পিটাৰছন আদিৰ দৰে প্ৰাক্তন খেলুৱৈয়ে প্ৰচুৰ প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈয়ে গিলৰ সপক্ষত অৱস্থান কৰিছে। অৱশেষত দেওবাৰে সমালোচকৰ সমালোচনাৰে যেন প্ৰত্যুত্তৰ দলে শুভমন গিলৰ বেটে। খেলখনত শুভমন গিলে ১৪৭টা বলত কৰা ১০৪ ৰানৰ সহায়ত ভাৰতে দ্বিতীয় ইনিংছ কিছু সুচল স্থিতি লাভ কৰে।

বলিঙত দুৰন্ত বুমৰাহৰ বিৰল অভিলেখ
ইংলেণ্ডৰ বিৰুদ্ধে ৬টা উইকেট লৈ সফল পেচাৰ হিচাপে চিহ্নিত বুমৰাহ
আটাইতকৈ কম বলত ১৫০ উইকেট দখলৰ অভিলেখ বুমৰাহৰ
৬,৭৮১টা বলত ১৫০টা উইকেট দখল কৰি পিছ পেলালে কপিল দেৱক
কপিল দেৱে ৮,৩৭৮টা বলত লাভ কৰিছিল ১৫০টা উইকেট


ইফালে বলিং গড়েৰেও ভাৰতৰ পেচ আক্ৰমণৰ অন্যতম কাণ্ডাৰী বুমৰাই সৃষ্টি কৰিছে অভিলেখ। এই অভিলেখৰ জৰিয়তে তেওঁ পিছ পেলালে মেলকম মাৰ্শ্বাল, জোৱেল গাৰ্নাৰ, কাৰ্টলি এমব্ৰচ আদিৰ দৰে শ্ৰেষ্ঠ পেচ বলাৰক।

২০.২৯ গড়ত বুমৰাহে লাভ কৰিছে ১৫২টা উইকেট
১১০ বছৰৰ পিছত বুমৰাহ প্ৰথম পেচ বলাৰ যাৰ বলিং গড় ২১ৰ তলত
মাৰ্শ্বালৰ বলিং গড় আছিল ২০.৯৪, গাৰ্নাৰৰ ২০.৯৭, এমব্ৰচৰ ২০.৯৯


বুমৰাহ, শুভমন গিল, যশস্বী জয়ছোৱাল আদিৰ দৰে খেলুৱৈৰ ওপৰত নিৰ্ভৰ কৰি দ্বিতীয় টেষ্টত জয়ৰ সোৱাদ লোৱাৰ সপোন দেখিছে ভাৰতে। সোমবাৰৰ ভিতৰত বিশাখাপট্টনম টেষ্টৰ ফলাফল ভাৰতৰ সপক্ষে যাব বুলি ভাৰতীয় ক্ৰিকেটপ্ৰেমীয়ে আশাৰে বাট চাই আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...