APSC কেলেংকাৰিৰ ন্যায়িক প্ৰতিবেদন ৰাজহুৱা কৰাৰ নিৰ্দেশ

ইমান দিনে অন্ধকাৰত ৰাখিব খোজা APSC কেলেংকাৰিৰ ন্যায়িক প্ৰতিবেদন ৰাজহুৱা কৰিব লাগিব ৰাজ্য চৰকাৰে। ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এ পি এছ চি য়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি চৰকাৰক এই নিৰ্দেশ দিছে হাই ক’ৰ্টে। এসপ্তাহৰ ভিতৰত চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ দিছে আদালতে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ মাজতে শনিবাৰে গুৱাহাটীত সংবাদমেল পাতি APSC কেলেংকাৰিৰ তদন্তক লৈ চৰকাৰৰ উদ্দেশ্যপ্ৰণোদিত স্থিতি সন্দৰ্ভত একাধিক বিস্ফোৰণ FIGHT AGAINST INJUSTICE OF APSCৰ।

APSC কেলেংকাৰি
ন্যায়িক প্ৰতিবেদন অন্ধকাৰত ৰাখি থ’লে নহ’ব…
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাঢ়া নিৰ্দেশ

উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে তদন্ত কৰা ২০১৩ আৰু ২০১৪ বৰ্ষৰ APSC কেলেংকাৰিৰ ন্যায়িক প্ৰতিবেদন ৰাজহুৱা হ’ব লাগিব। ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচিয়ে দাখিল কৰা এক PILৰ শুনানি গ্ৰহণ কৰি ৰাজ্য চৰকাৰক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। শপতনামা যোগে ৰাজহুৱা কৰক ন্যায়িক আয়োগৰ প্ৰতিবেদন।

মন কৰিব লগীয়া যে, APSC কেলেংকাৰি সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে কৰা তদন্তৰ পিছত ন্যায়িক তদন্তৰ বাবে চৰকাৰে গঠন কৰি দিছিল বিপ্লৱ কুমাৰ শৰ্মা ন্যায়িক তদন্ত আয়োগ। আয়োগে প্ৰথমে ২০১৩ বৰ্ষৰ কেলেংকাৰি সন্দৰ্ভত তদন্ত কৰি প্ৰায় ডেৰ বছৰ পূৰ্বেই চৰকাৰক দাখিল কৰিছিল ১ম খন প্ৰতিবেদন। তাৰ পিছত লেহেমীয়া ব্যৱস্থাৰ মাজেৰে বিগত ২০২২ বৰ্ষত ২০১৪ বৰ্ষৰ APSC কেলেংকাৰিৰ ন্যায়িক তদন্তৰ দায়িত্বও বিপ্লৱ শৰ্মা আয়োগক দিছিল চৰকাৰে। শেহতীয়াকৈ আয়োগে চৰকাৰক দাখিল কৰিছে ২য় খন প্ৰতিবেদনো। ন্যায়িক আয়োগৰ দুখনকৈ প্ৰতিবেদনৰ আধাৰত ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে চালে বেৰে কোবাই বিষয়টো এৰাই চলিবলৈ লয় চৰকাৰে। পিছত পুনৰ কেলেংকাৰিৰ তদন্তৰ বাবে চৰকাৰে গঠন কৰে এটা SIT। সেই SITয়েই সম্প্ৰতি ধনৰ বিনিময়ত ৰাজপত্ৰিত বিষয়াৰ চাকৰি লোৱা বিষয়াসকলৰ বিৰুদ্ধে অভিযান চলাই আছে যদিও, ন্যায়িক প্ৰতিবেদন সন্ধৰ্ভত অন্ধকাৰত থাকিল ৰাইজ। ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচিৰ PIL খনৰ শুনানি গ্ৰহণ কৰি আদালতে ন্যায়িক প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ চৰকাৰক দিছে এসপ্তাহৰ সময়সীমা।

ইপিনে, আদালতৰ এই নিৰ্দেশৰ মাজতে শনিবাৰে গুৱাহাটীত সংবাদমেল পাতি একাধিক বিস্ফোৰণ ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচি নামৰ সংগঠনটোৰ। APSC কেলেংকাৰিৰ জৰিয়তে দীৰ্ঘদিনীয়া হৈ থকা অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈয়ে জন্ম হৈছিল এই সংগঠনটোৰ। সংবাদমেলত তেওঁলোকে ফাদিল কৰিলে উত্তৰ বহীত নম্বৰ বঢ়াই চাকৰি লোৱা ১৯ জনৰ নাম।

সংবাদমেলত সংগঠনটোৰ বিস্ফোৰক অভিযোগ – গুৱাহাটীৰ বহু কোচিং চেণ্টাৰে দালালি কৰিছিল APSCত। কিন্তু কোনে, ক’ত, কিদৰে টকাৰ লেনদেন কৰিছিল আজিলৈ নোলাল। ৰাজনৈতিক হেঁচাৰ বাবেই SITয়ে স্বাধীনভাবে তদন্ত কৰিব নোৱাৰাৰো অভিযোগ তুলিলে সংগঠনটোৱে। SITক ২ নম্বৰী বিষয়াৰ এখন ৪০-৫০ জনীয়া তালিকা দিব সংগঠনটোৱে। ধনৰ লেনদেনৰ বিস্তৃত তথ্যও SITক দিবলৈ সাজু হৈছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচি। কিন্তু সমগ্ৰ তদন্ত প্ৰক্ৰিয়াক লৈ খোদ মুখ্যমন্ত্ৰীৰ ভূমিকাত অসন্তুষ্ট সংগঠনটো।

ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচিৰ অভিযোগ অভিযুক্তসকলক মাতি পুনৰ যাবলৈ দি তদন্ত প্ৰক্ৰিয়া অযথা দীঘলীয়া কৰিব খুজিছে চৰকাৰে। সংঘঠনটোৰ মতে বিষয়াসকলৰ বিৰুদ্ধে কেৱল নিলম্বনেই যথেষ্ঠ নহয়, বৰ্খাস্ত কৰিব লাগে তেওঁলোকক। দুৰ্নীতি আৰু অনিয়মৰ নিৰ্দিষ্ট তথ্য-প্ৰমাণ থকা বিষয়াসকলক পৰিকল্পিতভাবে সুৰক্ষা দিয়াৰ চেষ্টা নকৰিবলৈ চৰকাৰক সকিয়নী ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচিৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ধিঙৰ খেতিপথাৰত কৃষকে গৰুক খুৱাইছে পাচলি

ৰাজ্যৰ শাক-পাচলিৰ‌ বজাৰত জ্বলিছে‌ জুই। বিভিন্ন চহৰ নগৰৰ বজাৰত...

ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

ৰাজ্যত সুস্থ জীৱনশৈলী বিষয়ক সজাগতা আৰু অনুশীলনক অভিযান আকাৰে...

১২ ঘণ্টাৰ ভিতৰত গুৱাহাটীত দুগৰাকীকৈ যুৱতীৰ মৃতদেহ উদ্ধাৰ

১২ ঘণ্টাৰ ভিতৰত গুৱাহাটীত দুগৰাকীকৈ যুৱতীৰ মৃতদেহ উদ্ধাৰ। শুকুৰবাৰে...

উমৰাংছ’ৰ অবৈধ কয়লাখনি চলোৱাৰ নামত গ্ৰেপ্তাৰ আন এজন

প্ৰসংগ: উমৰাংছ’ ট্ৰেজেডী। কয়লাখনিত উদ্ধাৰ অভিযানৰ আজি চতুৰ্থ দিন।...