জাৱৰো বাদ নপৰিল, ৩০ টকাৰ পৰা ৫০ টকালৈ বাঢ়িব আৱৰ্জনা সংগ্ৰহ মাচুল! পেট্ৰ’ল-ডিজেল, মিঠাতেল, ঔষধ, চিলিণ্ডাৰ, গাড়ী, স্কুটী, ফ্লেট…

৩০ টকাৰ পৰা ৫০ টকালৈ বাঢ়িব পাৰে আৱৰ্জনা সংগ্ৰহ মাচুল! গুৱাহাটী পৌৰ নিগমে ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহ মাচুল বৰ্তমানৰ ৩০ টকাৰ পৰা ৫০ টকালৈ বৃদ্ধি কৰাৰ চিন্তা চৰ্চা চলাই আছে। সম্ভাব্য মাচুল বৃদ্ধিৰ বিষয়ে আভ্যন্তৰীণ আলোচনা চলি আছে যদিও ইয়াক এতিয়াও চূড়ান্ত কৰা হোৱা নাই ।

উল্লেখ্য যে, আৱৰ্জনা সংগ্ৰহৰ সৈতে জড়িত বেচৰকাৰী সংস্থাবোৰে যোৱা দুবছৰত মটৰ ইন্ধনৰ মূল্য যথেষ্ট বৃদ্ধি হোৱাৰ বাবে মাচুল বৃদ্ধি কৰাৰ দাবী জনাইছে । আনহাতে, বিষয়টোৰ ওপৰত চূড়ান্ত সিদ্ধান্ত এমাহৰ ভিতৰত লোৱাৰ সম্ভাৱনা আছে বুলি বিশেষ সূত্ৰই জানিবলৈ দিয়ে। মন কৰিবলগীয়া যে গুৱাহাটীৰ ৬০টা পৌৰ নিগমৰ ৱাৰ্ডত আৱৰ্জনা সংগ্ৰহৰ সৈতে মুঠ ৯০টা বেচৰকাৰী সংগঠন জড়িত আছে। এইসকল সংগঠনে গুৱাহাটী পৌৰ নিগমৰ পৰা কোনো বিত্তীয় ইনচেণ্টিভ প্ৰাপ্ত নকৰে, কিন্তু আৱৰ্জনা সংগ্ৰহ কৰা প্ৰতিটো পৰিয়ালৰ পৰা প্ৰতি মাহে ৩০ টকা মাচুল লোৱাৰ অনুমতি দিয়া হয় । মূল্যবৃদ্ধিত জৰ্জৰিত সাধাৰণ লোকক ৰামটাঙোন সোধাই পুনৰ দামবৃদ্ধিৰ বাবে সাজু হৈছে পৌৰ নিগম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...