ভাৰত আৰু ইউৰোপৰ মাজত এক ঐতিহাসিক বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছে। এই চুক্তিৰ জৰিয়তে ভাৰতে ইউৰোপীয় ইউনিয়নৰ সৈতে মুক্ত বাণিজ্যৰ বাবে নিজৰ বৃহৎ আৰু কটকটীয়াভাৱে নিয়ন্ত্ৰিত বজাৰখন ক্ৰমান্বয়ে মুকলি কৰিব পাৰিব। এই বাণিজ্যিক চুক্তিয়ে ইউৰোপীয় ইউনিয়নৰ প্ৰায় ৯০% সামগ্ৰীৰ ওপৰত শুল্ক নিৰ্মূল বা হ্ৰাস কৰে। এই চুক্তিৰ ফলত ভাৰতত বিয়েৰ আৰু ৱাইন সস্তা হ’ব।
ইউৰোপীয় ইউনিয়নৰ ২৭খন দেশৰ পৰা আমদানি কৰা সুৰাৰ ওপৰত ভাৰতে শুল্ক হ্ৰাস কৰিছে। বিয়েৰৰ ওপৰত কৰ ৫০% আৰু স্পিৰিটৰ কৰ ৪০%লৈ হ্ৰাস কৰা হৈছে। ইয়াৰ উপৰিও ৱাইনৰ ওপৰত কৰ ২০-৩০% লৈ হ্ৰাস কৰা হৈছে। ফলস্বৰূপে বিদেশী সুৰা বিশেষকৈ ইউৰোপৰ পৰা আমদানি কৰা সুৰা দেশত সস্তা হ’ব।
এই সামগ্ৰীসমূহৰ ওপৰত কৰ আঁতৰোৱা হ’ল –
এফালে ভাৰতে বিয়েৰ আৰু সুৰাৰ ওপৰত কৰ হ্ৰাস কৰিছে। আনহাতে, কিছুমান সামগ্ৰীৰ শুল্ক শূন্যলৈ হ্ৰাস কৰা হৈছে। অলিভ অইল, মাৰ্জাৰিন, ভেজিটেবল অইলৰ ওপৰত থকা কৰ সম্পূৰ্ণৰূপে নাইকিয়া কৰা হৈছে। ফলৰ ৰস আৰু প্ৰচেছড খাদ্যৰ ওপৰতো কৰ বাতিল কৰা হৈছে। পাস্তা আৰু চকলেটৰ ওপৰতো কৰ সম্পূৰ্ণৰূপে নাইকিয়া কৰা হৈছে।
বাণিজ্যিক চুক্তিখনৰ আটাইতকৈ ডাঙৰ ঘোষণাটো আছিল গাড়ীৰ শুল্ক। ইউৰোপৰ পৰা আমদানি কৰা বিলাসী গাড়ী আৰু মটৰ গাড়ীৰ কৰ ১১০%ৰ পৰা ১০%লৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে ভাৰতে। অৱশ্যে ২.৫ লাখ বাহনৰ সীমা আৰোপ কৰা হৈছে। তদুপৰি যন্ত্ৰপাতিৰ ওপৰত ৪৪% কৰ অধিকাংশই আঁতৰাই পেলোৱা হৈছে। ৰাসায়নিক পদাৰ্থৰ ওপৰত ২২% কৰ অধিকাংশই নাইকিয়া হ’ব। ঔষধৰ ওপৰত ১১% কৰ বেছিভাগেই বন্ধ কৰা হৈছে। তদুপৰি প্ৰায় সকলো বিমান আৰু মহাকাশযানৰ সামগ্ৰীৰ ওপৰত কৰ আঁতৰোৱা হৈছে।
মুক্ত বাণিজ্য চুক্তিৰ অধীনত ভাৰতে আগন্তুক দুবছৰত ইউৰোপীয় ইউনিয়নৰ পৰা ৫০ কোটি ইউৰো (প্ৰায় ৪৫০০ কোটি ইউৰো) লাভ কৰিব যাতে সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাত সহায়ক হয়। ইউৰোপীয় ইউনিয়নৰ ট্ৰেডমাৰ্ক, ডিজাইন, কপিৰাইট, আৰু ট্ৰেড ছিক্ৰেটসমূহে শক্তিশালী আইনী সুৰক্ষা লাভ কৰিব। নিৰাপদ, ন্যায্য, আৰু নিৰ্ভৰযোগ্য অনলাইন বাণিজ্য নিশ্চিত কৰিবলৈ ডিজিটেল বাণিজ্যৰ বাবে এটা বিশেষ অধ্যায় স্থাপন কৰা হ’ব।
বিত্তীয় আৰু সামুদ্ৰিক সেৱাত ইউৰোপীয় ইউনিয়নৰ সেৱা কোম্পানীসমূহে ভাৰতত বিশেষ সুবিধা লাভ কৰিব। বজাৰৰ উন্নত প্ৰৱেশে নতুন ব্যৱসায় আৰু নিয়োগৰ সুযোগ মুকলি কৰিব। ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এছএমই)ৰ বাবে এটা নিৰ্দিষ্ট অধ্যায় স্থাপন কৰা হ’ব। কোম্পানীসমূহক সহায় কৰিবলৈ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ কন্টেক্ট পইণ্ট স্থাপন কৰা হ’ব, যাৰ ফলত বাণিজ্যিক সুবিধা হ’ব।
