মণিপুৰৰ কাংপকপীত উগ্ৰপন্থীৰ অতৰ্কিত আক্ৰমণ: বাহনক লক্ষ্য কৰি গুলীচালনা, ৪গৰাকী নগা নাগৰিক নিহত, ১জন সন্ধানহীন

মণিপুৰৰ কাংপকপী (Kangpokpi) জিলাত বৃহস্পতিবাৰে এক ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। সাধাৰণ নাগৰিক কঢ়িয়াই নিয়া এখন বাহনক লক্ষ্য কৰি উগ্ৰপন্থীয়ে চলোৱা অতৰ্কিত আক্ৰমণত (Ambush) চাৰিজন নগা সম্প্ৰদায়ৰ লোক নিহত হোৱাৰ লগতে আন এজন লোক বৰ্তমানেও সন্ধানহীন হৈ আছে।


বৃহস্পতিবাৰে কাংপকপী জিলাৰ এটা পথৰে সাধাৰণ নাগৰিক কেইজনে বাহনখন লৈ গৈ থকাৰ সময়তে পূৰ্বৰে পৰা খাপ পিটি থকা উগ্ৰপন্থীৰ এটা দলে বাহনখন লক্ষ্য কৰি ধাৰাষাৰ গুলীচালনা কৰে। আক্ৰমণকাৰীৰ অতৰ্কিত গুলীচালনাত চাৰিজন নিৰীহ নগা নাগৰিকৰ থিতাতে কৰুণ মৃত্যু হয়। ঘটনাৰ পিছৰে পৰা বাহনখনত থকা আন এজন ব্যক্তি সন্ধানহীন হৈ আছে।


ঘটনাৰ খবৰ পোৱাৰ পিছতেই সেনা, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এক বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে।

আক্ৰমণকাৰী উগ্ৰপন্থী দলটোক ধৰা পেলাবলৈ আৰু সন্ধানহীন ব্যক্তিজনক উদ্ধাৰ কৰিবলৈ আশে-পাশে থকা পাহাৰীয়া এলেকাত নিৰাপত্তা বাহিনীয়ে ব্যাপক তালাচী অভিযান (Combing Operation) আৰম্ভ কৰিছে।

এই নৃশংস আক্ৰমণৰ ফলত সমগ্ৰ কাংপকপী জিলা তথা মণিপুৰত পুনৰ তীব্ৰ চেপা উত্তেজনা আৰু আতংকৰ সৃষ্টি হৈছে। আইন-শৃংখলা অটুট ৰাখিবলৈ অঞ্চলটোত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মহাকাশতো চীনৰ চোৰাংচোৱাগিৰি! এতিয়াৰ পৰা প্ৰতিটো উপগ্ৰহত নজৰ ৰাখিব চীনে

মহাকাশত চীনৰ চোৰাংচোৱাগিৰিৰ নতুন কৌশল! পৃথিৱীৰ কক্ষপথত থকা উপগ্ৰহসমূহৰ...

মুম্বাইৰ কোষ্টেল ৰোডত ভয়ংকৰ দুৰ্ঘটনা; দলঙৰ পৰা বাগৰি পৰিল BMW

দেওবাৰে পুৱতি নিশা মুম্বাইৰ কোষ্টেল ৰোডত এখন দ্ৰুতবেগী BMW...

নৱম শ্ৰেণীতেই হাতত টোকাৰী লৈ উপস্থিত হৈছিল ৰেডিঅ’ কেন্দ্ৰত, আজিলৈকে লাভ কৰা নাই নিয়মীয়া শিল্পী পেন্সন

নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই টোকাৰী লৈ ডিব্ৰুগড় ৰেডিঅ’ কেন্দ্ৰত...