শিশু সাহিত্য অকাডেমি বঁটাৰে বিভূষিত হ’ল ৰঞ্জু হাজৰিকা

অৱশেষত শিশু সাহিত্য অকাডেমি বঁটাৰে বিভূষিত হ’ল ৰঞ্জু হাজৰিকা
২০৪খন শিশু গ্ৰন্থ লিখাৰ পিছতহে হাজৰিকাই পালে এই সন্মন
‘বিপন্ন বিস্ময়ৰ খেল’ নামৰ শিশু উপন্যাসৰ বাবে এই বঁটা
ভাৰ্জিন জেকোভা মুছাহাৰীলৈ বড়ো ভাষাৰ শিশু সাহিত্য বঁটা
‘বুহুমা বৈনিবৌ’ শীৰ্ষক কবিতা সংকলনৰ বাবে মুছাহাৰীলৈ এই বঁটা
অসমৰ আন ৩ সাহিত্যিকলৈ যুৱ সাহিত্য অকাডেমি বঁটা

ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাই লিখিছে প্ৰায় ৮০০খন গ্ৰন্থ। তাৰে ২০৪খন শিশু গ্ৰন্থ। ৰঞ্জু হাজৰিকাই হৈছে প্ৰথম গৰাকী অসমীয়া শিশু সাহিত্যিক একোটা চৰিত্ৰক লৈ ছিৰিজ লিখিছিল। ৰঞ্জু হাজৰিকাৰ শিশুৰ বাবে লিখা বহু ছিৰিজ জনপ্ৰিয় হৈছিল ব্যাপকভাৱে। বঁটা পলমকৈ আহিলেও শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰি আনন্দিত হাজৰিকা।

জেছন-পৱন-নন্দন-জিণ্টন-ৰোহণ-জিতুনিতু-কেৰণ
ৰঞ্জু হাজৰিকাৰ এইবোৰ প্ৰসিদ্ধ চৰিত্ৰই লাভ কৰিছিল বিপুল জনপ্ৰিয়তা
‘বিপন্ন বিস্ময়ৰ খেল’ দুটা ৰহস্য সন্ধানী শিশুৰ ওপৰত আধাৰিত

হাজৰিকাই বৰ্ণালে ‘বিপন্ন বিস্ময়ৰ খেল’ সৃষ্টিৰ আঁৰৰ কাহিনী।

অসমৰ ৩ যুৱ সাহিত্যিকলৈ সাহিত্য অকাডেমি যুৱ বঁটা
অসমীয়া ভাষাত নয়নজ্যোতি শৰ্মালৈ সাহিত্য অকাডেমি যুৱ বঁটা
‘জাল কটা জুই’ গল্প সংকলনৰ বাবে নয়নজ্যোতিলৈ এই বঁটা
ছেলফ মেড ৰাণী বড়োলৈ বড়ো ভাষাৰ যুৱ সাহিত্য বঁটা
‘ছাইখলুম’ গ্রন্থৰ বাবে ছেলফ মেড ৰাণী বড়োলৈ যুৱ সাহিত্য বঁটা

বঙালী ভাষাত যুৱ সাহিত্য অকাডেমি বঁটা লাভ কৰিলে শিলচৰৰ এগৰাকী যুৱ সাহিত্যিকে।

শিলচৰৰ সুতপা চক্ৰবৰ্তীলৈ বঙালী ভাষাৰ যুৱ সাহিত্য অকাডমি বঁটা

‘দেবৰাজে হলুদ ফুল,গতজন্ম’ নামৰ কবিতাৰ গ্ৰন্থৰ বাৱে এই সম্মান

শিশু আৰু যুৱ শিতানত অসমৰ কেইবাগৰাকীও সাহিত্যিকে সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ খবৰে নিসন্দেহে ৰাজ্যৰ সাহিত্য জগতখনক সমৃদ্ধ কৰিছে। ৰঞ্জু হাজৰিকাসহ আটাইকেইগৰাকী বঁটাপ্ৰাপকলৈ থাকিল অযুত শুভেচ্ছা।

NKTV Digital
Author: NKTV Digital

12 COMMENTS

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...