প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাতিয়েকৰ যৌন কেলেংকাৰিক লৈ তোলপাৰ দেশ

প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাতিৰ যৌন কেলেংকাৰিক লৈ তোলপাৰ দেশ
সহযোগী দলৰ প্ৰাৰ্থীৰ ছেক্স ভিডিঅ’ক লৈ চৰম অস্বস্তিত BJP
JDS-এ দলৰ পৰা নিলম্বন লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী অভিযুক্ত প্ৰজ্বল ৰেৱান্না

লোকসভা নিৰ্বাচনক লৈ সমগ্ৰ দেশ ব্যস্ত থকাৰ সময়তে প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱেগৌড়াৰ নাতি তথা JDS-ৰ নেতা লোকসভা নিৰ্বাচনত কৰ্ণাটকৰ হাছান সমষ্টিৰ প্ৰাৰ্থী তথা সাংসদ প্ৰজ্বল ৰেৱান্নাৰ যৌন কেলেংকাৰিয়ে তোলপাৰ লগাইছে দেশ। লোকসভা নিৰ্বাচনৰ মাজতে পোহৰলৈ অহা JDS-ৰ নেতা প্ৰজ্বল ৰেৱান্নাৰ যৌন কেলেংকাৰিৰ ৩ হাজাৰৰো অধিক ভিডিঅ’ই চৰম অস্বস্তিত পেলাইছে প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱেগৌৰাৰ জনতা দল ছেকুলাৰ। সহযোগী দলৰ নেতাৰ যৌন কেলেংকাৰিয়ে বিজেপিকো চৰম অস্বতিত পেলাইছে। দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা হাছান সমষ্টিৰ JDSৰ প্ৰাৰ্থী প্ৰজ্বল ৰেৱান্নাৰ হৈ নিৰ্বাচনী প্ৰচাৰো চলাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে। বিৰোধীৰ নেতা কোন ক’ত গ’ল তাৰ খবৰ ৰখা বিজেপি আৰু প্ৰধানমন্ত্ৰীয়ে ৰেৱান্নাক কিদৰে বিদেশলৈ পলাই যাবলৈ সুবিধা পালে বুলি প্ৰশ্নবানেৰে থকা–সৰকা কৰিলে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। কংগ্ৰেছ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰজ্বল ৰেৱান্নাৰ দুষ্কাৰ্যক লৈ।

JDS নেতা দুষ্কাৰ্যক লৈ সৰৱ হ’ল আপ নেত্ৰী, ৰাজ্যসভাৰ সাংসদ স্বাতি মালিৱাল।

প্ৰজ্বল ৰেৱান্নাৰ যৌন কেলেংকাৰিৰ ভিডিঅ’ ওলাইছে
ঘৰত বনকৰা মহিলা, দলৰ মহিলা কৰ্মী, চৰকাৰী মহিলা–কৰ্মচাৰী যৌন নিৰ্যাতন ৰেৱান্নাৰ

লোকসভা নিৰ্বাচনৰ মাজতে পোহৰলৈ অহা ৰেৱান্নাৰ যৌন কেলেংকাৰিক লৈ কৰ্ণাটকত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছে যুৱ কংগ্ৰেছে। এনে অৱস্থাত চৰম অস্বস্তিত পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী দেবেগৌড়াৰ দল JDSএ নিলম্বন কৰিছে অভিযুক্ত প্ৰজ্বল ৰেৱান্নাক। কিন্তু এই ঘটনাৰ সত্যতা বিচাৰ কৰাৰ দায়িত্ব কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তথা JDS নেতা HD কুমাৰস্বামী।
দলৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী আৰু ভতিজা হ’লেও ৰেৱান্নাক সুৰক্ষা দিয়া নহয়
JDSতকৈও চৰকাৰে বিষয়টোত অধিক গুৰুত্ব দিব লাগে
এই ঘটনা ঘৃণনীয়, লজ্জাজনক বুলি ক’লে কুমাৰস্বামীয়ে

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা অমিত শ্বাহে প্ৰজ্বল ৰেৱান্নাক যৌন কেলেংকাৰিক লৈ মন্তব্য কৰে-
এই ঘটনা কোনো কাৰণতেই গ্ৰহণযোগ্য নহয়
বিজেপি মাতৃশক্তিৰ লগত আছে
কংগ্ৰেছে বৰ্তমানলৈ কিয় পদক্ষেপ লোৱা নাই?

প্ৰজ্বল ৰেৱান্নাক যৌন কেলেংকাৰিক লৈ অসম আপেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুঠতে প্ৰজ্বল ৰেৱান্নাক যৌন কেলেংকাৰিয়ে সমগ্ৰ দেশ তোলপাৰ লগাইছে। এই ঘটনাই কৰ্ণাটকৰ ৰাজনীতি অধিক উত্তপ্ত কৰাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...