এদিনীয়া বিশ্বকাপত ভাৰতৰ সাফল্যৰ আঁৰত ৩ পেচ বলাৰ

বিশ্বকাপত ভাৰতৰ এতিয়ালৈকে প্ৰদৰ্শনৰ প্রতি লক্ষ্য ৰাখি ক্রিকেট বিশেষজ্ঞসকলে কৈছে এইবাৰ বিশ্বকাপ ভাৰতৰ হাতত। প্ৰথমবাৰলৈ বিশ্বকাপৰ প্ৰদৰ্শনত ভাৰতীয় বেটছমেনতকৈ অধিক কৃতিত্ব পাইছে ভাৰতীয় পেচ বলাৰে।

এদিনীয়া বিশ্বকাপত ভাৰতৰ সাফল্যৰ আঁৰত ৩ পেচ বলাৰ

বুমৰাহ, ছামি, ছিৰাজৰ বলিং আক্রমণত বিধ্বস্ত প্ৰতিপক্ষ

ভাৰতীয় পেচাৰৰ বলিঙৰ কোবাল ধাৰে চমকিত কৰিছে ক্রিকেট বিশ্বক

এই পেচাৰ ত্রয়ৰ বাবে এতিয়া সকলো দলৰে সমীহ আদায় টীম ইণ্ডিয়াৰ

বুমৰাহ ১৫, ছামি ১৬, ছিৰাজৰ ১০ উইকেট, বলিঙৰ গঢ় আৰু ভয়াৱহ

বিশ্বকাপ ক্রিকেটত ভাৰতে ইতিমধ্যে লীগত শীৰ্ষ স্থান লাভ কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। ৮খন খেলত ভাৰতৰ সৰ্বাধিক ১৬ পইণ্ট। বিশ্বকাপত বিধ্বস্ত কৰিছে এটাৰ পাছত এটা দলক। ভাৰতৰ এই ঈৰ্ষণীয় সাফল্যৰ অন্যতম কাৰক হিচাপে চিহ্নিত হৈছে পেচ বলাৰত্রয় জাষ্টিন বুমৰা, মহম্মদ ছামি, মহম্মদ ছিৰাজ। তিনিওৰে বলিঙত এতিয়া অগ্নিস্ফুলিংগ উৰিছে।

ছামিৰ ৪খন খেলত ১৬ উইকেট, গড় ৰাণ ৭, ইক’নমী ৪.৩

বুমৰাহৰ ৮খন খেলত ১৫ উইকেট, গড় ১৫.৫৩, ইক’নমী মাথোঁ ৩.৫

ছিৰাজ ৭খন খেলত ১০ উইকেট, গড় ৩১.৭০, ইক’নমী ৫.২৩

ছামি-বুমৰাহৰ বলিঙৰ গড় যিকোনো বলাৰৰ বাবে সপোন মাথোঁ

বুমৰাহে পাৱাৰ প্লে-ডেথ অভাৰত বলিং কৰে যি সময়ত বেটছমেনে ৰাণৰ জোৱাৰ তোলে

ভাৰতৰ পেচ বলাৰত্রয়ৰ বলিঙৰ বৈচিত্রতাই বিপদত পেলাইছে বিপক্ষৰ বেটছমেনক। বুমৰাৰ বলিঙৰ ছুয়িঙৰ ওপৰত নিৰ্ভৰশীল। বুমৰাৰ ইন ছুয়িং, আউট ছুয়িং অপ্রতিৰোধ্য হৈ পৰিছে। ছিৰাজৰ বলিঙৰ ছয়িঙৰ গতি ধৰাত ব্যৰ্থ হৈছে বেটছমেন। ছামিৰ বলিং আকৌ কিছু পৃথক ।

ছামিয়ে বলিং কৰোঁতে ছীমৰ ওপৰত নিৰ্ভৰ কৰে।

ভাৰতৰ পেচ বলিং আক্রমণ দেখি হতবাক প্রাক্তন ক্ৰিকেটাৰসকল

অষ্ট্রেলিয়াৰ আডাম গিলক্রিষ্টৰ মতে ভাৰতৰ বলিং আক্রমণ এক কথাত ভয়াৱহ

এসময়ৰ দুৰ্ধৰ্ষ বলাৰ মাইকেল হ’ল্ডিঙৰ মতে ভাৰতীয় বলিঙত জুই লাগিছে

পূৰ্বে কেতিয়াও ভাৰতৰ এনে দুৰ্ধৰ্ষ পেচ বলিং আক্রমণ নাছিল: হৰভজন

এই পেচ বলাৰত্রয়ৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতে এতিয়া সপোন দেখিছে বিশ্বকাপ জয়ৰ। ভাৰতীয় বেটছমেনসকলে যথোচিত সঁহাৰি জনালে টীম ইণ্ডিয়াৰ খিতাপ দখল বুলি নিশ্চিত বুলি ক’ব পাৰি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...