বিজেপিত যোগ দিলে কংগ্ৰেছৰ প্ৰাক্তন মুখপাত্ৰ গৌৰৱ বল্লভে

বিজেপিত যোগ দিলে কংগ্ৰেছৰ প্ৰাক্তন মুখপাত্ৰ গৌৰৱ বল্লভে। বৃহস্পতিবাৰে নতুন দিল্লীত এক অনুষ্ঠানত বিজেপিত যোগদান কৰে কংগ্ৰেছী নেতাজনে। লোকসভা নিৰ্বাচনৰ পূৰ্বে গৌৰৱ বল্লভৰ কংগ্ৰেছ ত্যাগে দলটোক শলঠেকত পেলাব বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে। কংগ্ৰেছ ত্যাগৰ পিছতে তেওঁ কয় যে সম্প্ৰতি কংগ্ৰেছ দলটো লক্ষহীনভাৱে আগবাঢ়িছে। এনে এটা দলত জড়িত হৈ থকাটো তেওঁৰ পক্ষে সম্ভৱ নহয় বুলি উল্লেখ কৰি গৌৰৱ বল্লভে লগতে কয় যে তেওঁ সনাতন বিৰোধী শ্ল’গান আওৰাব নোৱাৰিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সনাতন সংস্কৃতিৰ বিৰুদ্ধে কংগ্ৰেছৰ একাংশ শীৰ্ষ নেতৃত্বই মন্তব্য কৰাৰ লগতে এই সম্পৰ্কত দল মৌন হৈ থকা কাৰ্যত তেওঁ ক্ষুণ্ণ হোৱা বুলি মন্তব্য কৰে প্ৰাক্তন কংগ্ৰেছৰ নেতাজনে। অযোধ্যাৰ ৰামমন্দিৰ উদ্বোধনী অনুষ্ঠান কংগ্ৰেছে বৰ্জন কৰা কাৰ্যৰো বিৰোধিতা কৰে তেওঁ। উল্লেখ্য যে কিছুদিন পূৰ্বে বিজেপি তথা প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে মন্তব্য কৰি দেশজুৰি চৰ্চিত হৈছিল গৌৰৱ বল্লভ। দেশৰ অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ লক্ষ্যৰে তেওঁ কংগ্ৰেছত যোগদান কৰিছিল যদিও দলত এই বিষয়টোক লৈ কোনো চিন্তিত নহয় বুলি মন্তব্য কৰে গৌৰৱ বল্লভে। ২০২৩ৰ বিধানসভা নিৰ্বাচনত ৰাজস্থানৰ উদয়পুৰ সমষ্টিৰ পৰা গৌৰৱ বল্লভে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও বিজেপি প্ৰাৰ্থীৰ ওচৰত তেওঁ ৩২হাজাৰ ভোটত পৰাজিত হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...