প্ৰথমবাৰলৈ এখন অসমীয়া চিনেমাৰ প্ৰচাৰত নামিল বিদ্ৰোহী সংগঠন

প্ৰচাৰৰ ওপৰতেই বহুখিনি নিৰ্ভৰ এখন বোলছবিৰ সফলতা
চিনেমাৰ প্ৰচাৰৰ বাবে সেয়ে বহুতেই লয় নিত্য নতুন কৌশল
এইখন অসমত ৰাজনৈতিক নেতাই চিনেমাৰ প্ৰচাৰ চলোৱা দেখিছে
বিভিন্ন জাতীয় দল-সংগঠনেও ভিন্ন সময়ত চলাই চিনেমাৰ প্ৰচাৰ
প্ৰথমবাৰলৈ এখন অসমীয়া চিনেমাৰ প্ৰচাৰত নামিল বিদ্ৰোহী সংগঠন
অসমীয়া ছবিৰ প্ৰদৰ্শনৰ সময়ত হিন্দী ছবিৰ প্ৰদৰ্শন বন্ধৰ নিৰ্দেশ

‘প্ৰতিশ্ৰুতি’
শীঘ্ৰে ৰাজ্যৰ চিনেমা হলত মুক্তি লাভ কৰিব নতুন অসমীয়া বোলছবি ‘প্ৰতিশ্ৰুতি’। মুক্তিৰ পূৰ্বেই বিশেষ চৰ্চিত হৈছে এই বোলছবিখন। কাৰণ নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনে চলাইছে এই বিশেষ ছবিখনৰ প্ৰচাৰ। সংবাদ মাধ্যমলৈ ইমেইল বাৰ্তাযোগে নতুন অসমীয়া বোলছবিখন চাবলৈ ৰাইজলৈ গোহাৰি আলফা স্বাধীনৰ। ২৪ মে’ত ছবিগৃহলৈ আহিব ৰাতুল বৰুৱাৰ প্ৰযোজনাত নিৰ্মিত বোলছবিখন। ইতিমধ্যে মুক্তিলাভ কৰিছে ‘প্ৰতিশ্ৰুতি’ৰ টিজাৰ। বোলছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। এগৰাকী আৰক্ষী বিষয়াৰ ৰূপত দেখিবলৈ পোৱা গৈছে প্ৰস্তুতি পৰাশৰক। ছবিখনৰ মূল বিষয়বস্তু ড্ৰাগছ সৰবৰাহৰ ভয়ংকৰ নেকছাচ। সামাজিক ব্যাধিত পৰিণত নিচাযুক্ত দ্ৰৱ্যৰ সেৱন আৰু অবৈধ সৰবৰাহ কেবল আৰক্ষীৰ ওপৰতে ভৰ দি নিৰ্মূল কৰিব নোৱাৰি। সাম্প্ৰতিক ৰাজ্যৰ পৰিস্থিতিত এই বিষয়বস্তু অতি উপযোগী হোৱাৰ বাবে ছবিখন উপভোগ কৰিবলৈ আহ্বান আলফা স্বাধীনৰ। এই বিবৃতিতে ৰাজ্যৰ ছবিগৃহৰ মালিক পক্ষলৈ পুনৰ আলফা স্বাধীনে দিলে কঠোৰ সকীয়নি। ২৪ মে’ৰ পৰা ৩–৪ সপ্তাহলৈ অসমৰ প্ৰতিটো ছবিগৃহত প্ৰতিশ্ৰুতি ছবিখন প্ৰদৰ্শন কৰাৰ আহ্বান। সমান্তৰালকৈ প্ৰতিশ্ৰুতি প্ৰদৰ্শনৰ সময়ত অন্য হিন্দী ছবিৰ প্ৰদৰ্শন বন্ধ ৰাখিবলৈ ছবিগৃহৰ স্বত্বাধিকাৰীক নিৰ্দেশ বিদ্ৰোহী সংগঠনটোৰ। উল্লেখযোগ্য যে ৯০ দশকৰ শেষৰ ফালে ঠন ধৰি উঠা অসমীয়া ছবিৰ উদ্যোগটোক আলফাই ছবিগৃহৰ স্বত্বাধিকাৰীক দিয়া ফটোৱাই কৰিছিল পশ্চাদমুখী। এইবাৰ বিদ্ৰোহী সংগঠনটো নামিছে অসমীয়া ছবিৰ প্ৰচাৰত। কিন্তু বিদ্ৰোহীসংগঠনটোৰ আহ্বানত ছবিগৃহলৈ দৰ্শক আহিব নে নাই তাৰ বাবে অপেক্ষা কৰিব লাগিব ছবিখনৰ মুক্তিলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...