মুখ্যমন্ত্ৰীয়ে প্ৰৰোচনামূলক মন্তব্য কৰিলে আইন শৃংখলা কিদৰে বৰ্তি থাকিব?

ৰাজ্য চৰকাৰৰ বিভিন্ন সিদ্ধান্ত আৰু কাম-কাজক লৈ প্ৰায়ে বিৰোধীয়ে চোকা সমালোচনা কৰা দেখা যায়। নিৰ্বাচনী প্ৰচাৰ অথবা বিশাল জনসভা হ’লে শাসক-বিৰোধীৰ মুখচুপতিও বাঢ়ে। শেহতীয়াভাবে বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ চোকা সমালোচনা কৰে বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে। ‘মুখ্যমন্ত্ৰীয়ে প্ৰৰোচনামূলক মন্তব্য কৰিলে আইন শৃংখলা কিদৰে বৰ্তি থাকিব?’ – ৰাজধানী দিল্লীত এই মন্তব্য সাংসদ আব্দুল খালেকৰ।

গৰুখুঁটিৰ কাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল খালেকৰ। লগতে মুখ্যমন্ত্ৰীজনক কটাক্ষ কৰি খালেকে কয় যে ‘এতিয়া গণতন্ত্ৰ নহয়, স্বৈৰতন্ত্ৰ চলিছে।’ ‘হিমন্ত বিশ্ব শৰ্মা-যোগী চৰকাৰে ঘৃণা বিয়পাইছে।’ ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ সদনত সৰৱ হোৱা পৰিলক্ষিত হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...