বাজেট দাখিলৰ পূৰ্বে বিমোৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

অহা মঙলবাৰে ২০২৪–২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। কিন্তু বাজেট দাখিলৰ পূৰ্বে NDAৰ সহযোগী দলৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিত্তমন্ত্ৰী। চৰকাৰৰ প্ৰধান সহযোগী দল TDPৰ চন্দ্ৰবাবু নাইডু আৰু JDUৰ নীতিশ কুমাৰৰ দাবী পূৰণ কৰিবলৈ গৈ বিমোৰত পৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন। ২৩ জুলাইত বিত্তমন্ত্ৰীয়ে সদনত দাখিল কৰিব সাধাৰণ বাজেট। বাজেট দাখিলৰ পূৰ্বে বিমোৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন। বিত্তমন্ত্ৰীৰ বাবে প্ৰত্যাহ্বান সহযোগী TDP, JDUৰ দাবী।বাজেটৰ জৰিয়তে বৃহৎ পৰিমাণৰ পুঁজি বিচাৰিছে চন্দ্ৰবাবু, নীতিশে। এফালে NDAৰ সহযোগী দলৰে মিত্ৰতা অক্ষুণ্ণ ৰখাৰ হেঁচা, আনফালে কোষাগাৰত পুঁজিৰ নাটনি। ইয়াক লৈ বিমোৰত পৰিছে ২০২৪–২৫ বিত্তীয় বৰ্ষৰ বাজেট দাখিলৰ বাবে সাজু হোৱা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন। অহা মঙলবাৰে বিত্তমন্ত্ৰীয়ে সদনত দাখিল কৰিবলগীয়া সাধাৰণ বাজেটৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। কিন্তু সাধাৰণ বাজেটৰ পূৰ্বে NDAৰ ২ প্ৰধান সহযোগী TDP আৰু JDUৰ দাবী পূৰণ কৰিবলৈ গৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন।

বাজেটৰ জৰিয়তে বৃহৎ পৰিমাণৰ পুঁজি দাবি কৰিছে TDPৰ নেতা তথা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু JDU নেতা তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰী নাইডু। বৈঠকৰ পিছতে। ৬০ হাজাৰ কোটি টকাৰে অন্ধ্ৰত তেল শোধনাগাৰ স্থাপনত কেন্দ্ৰৰ সন্মতি। কোষাগাৰ টনকিয়াল কৰা, ৰাজধানী অমৰাৱতীৰ বাবে অধিক পুঁজি দাবী নাইডুৰ। ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবেও পুঁজি বিচাৰিছে নাইডুৱে। বাজেটত অন্ধ্ৰৰ বাবে ১ লাখ কোটি টকা দাবী মুখ্যমন্ত্ৰী নাইডুৰ। ইপিনে বিহাৰৰ বাবেও বাজেটৰ জৰিয়তে অধিক পুঁজি আৱণ্টন দিয়াৰ দাবী জনাইছে JDUৰ নেতা তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। বিহাৰৰ আন্তঃগাঁথনিৰ বাবে পৰ্যাপ্ত পুঁজি বিচাৰিছে নীতিশে বাজেটৰ জৰিয়তে ৩০ হাজাৰ কোটি টকা দাবী নীতিশৰ। মোদী নেতৃত্বাধীন NDA চৰকাৰ এইবাৰ সম্পূৰ্ণৰূপে নিৰ্ভৰশীল ২ সহযোগী দল তেলেগু দেশম পাৰ্টি আৰু জনতা দল ইউনাইটেডৰ ওপৰত। কিন্তু মোদী মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ পদবীৰ পৰিৱৰ্তে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে ৰাজ্যৰ উন্নয়নৰ বাবে অধিক পুঁজি বিচাৰিছে। কুন্তু বাজেট দাখিলৰ পূৰ্বে চন্দ্ৰবাবু নাইডু আৰু নীতিশৰ এই দাবী পূৰ্ণ কৰিবলৈ গৈ বিমোৰত পৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। কেন্দ্ৰত NDAৰ চৰকাৰ বৰ্তাই ৰাখিবলৈ হ’লে চন্দ্ৰবাবু আৰু নীতিশৰ সন্তুষ্ট কৰি ৰখাটো বিজেপিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। কিন্তু বাজেটত অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰৰ বাবে এনে বৃহৎ পৰিমাণৰ পুঁজি আৱণ্টন দিয়াৰ অৰ্থ হ’ব আন ৰাজ্যসমূহক প্ৰাপ্যৰ পৰা বঞ্চিত কৰা। সেয়ে বাজেট দাখিলৰ পূৰ্বে যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছে বিত্তমন্ত্ৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...