ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ বিভাগৰ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত পৌৰোহিত্য কৰে। বৈঠকৰ মূল উদ্দেশ্য আছিল সামগ্ৰিক জি.এছ.টি. (GST) সংগ্ৰহৰ বুজ লোৱা আৰু নিৰ্ধাৰিত লক্ষ্য অনুসৰি ৰাজহ সংগ্ৰহ কৰাৰ বাবে প্ৰয়োজনীয় কৌশলসমূহ আলোচনা কৰা।

বৈঠকত মন্ত্ৰীগৰাকীয়ে কৰ বিভাগৰ কাৰ্যক্ষমতাৰ পৰ্যালোচনা কৰে আৰু অসমত কৰ ফাঁকি (Tax leakage) ৰোধ কৰিবলৈ তথা জি.এছ.টি. নিয়মাৱলীৰ পালন (GST compliance)ৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বিষয়াসকলক আহ্বান জনায়। ইয়াৰোপৰি, প্ৰৱৰ্তন ব্যৱস্থা শক্তিশালী কৰা আৰু ৰাজহ সংগ্ৰহৰ প্ৰক্ৰিয়া অধিক উন্নত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি তেওঁ বিষয়াসকলক আশ্বস্ত কৰে।

এই পৰ্যালোচনা বৈঠকত কৰ আয়ুক্তৰ লগতে কৰ বিভাগৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NHM-এ বাতিল কৰিলে CHOৰ বিজ্ঞাপন আৰু সাক্ষাৎকাৰ

কমিউনিটি হেল্থ অফিচাৰৰ বাবে ৮২২টা পদৰ দিছিল বিজ্ঞাপন। ২০২৫ৰ...

ভাৰতত নিষিদ্ধ ঘোষণা ‘শ্বেহজাদ ভাট্টি নেটৱৰ্ক’

দেশত নিষিদ্ধ ঘোষণা কৰা হ’ল পাকিস্তানস্থিত ‘শ্বেহজাদ ভাট্টি নেটৱৰ্ক’...

CJP প্ৰতিবাদ: হিংসাত্মক ঘটনাৰ তদন্ত কমিটী পুনৰ্গঠনৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ জন্তৰ-মন্তৰত জুলাই মাহত অনুষ্ঠিত CJP-ৰ ছাত্ৰ প্ৰতিবাদৰ সময়ত...