আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০ হাজাৰ আসনযুক্ত ক্ৰিকেট ষ্টেডিয়াম আৰু উচ্চমানৰ সাঁতোৰ প্ৰশিক্ষণৰ উপযোগী ছুইমিং পুলৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। আমিনগাঁৱত থকা বেডমিন্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষতা কেন্দ্ৰৰ কাষতে এই নতুন ক্ৰীড়া প্ৰকল্পটো নিৰ্মাণ কৰি থকা হৈছে।

পৰিদৰ্শনকালত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে আগন্তুক কেইটামান মাহৰ ভিতৰত ক্ৰিকেট ষ্টেডিয়ামখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব। ষ্টেডিয়ামখনৰ সমীপতে থকা ৰে’ল বিভাগৰ ভূমি ৰাজ্য চৰকাৰে লীজত লৈ তাত এক বহুমহলীয়া গাড়ী পাৰ্কিং ব্যৱস্থা নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে

খেলুৱৈসকলৰ বাবে অত্যাধুনিক হোষ্টেল আৰু পথ নিৰ্মাণ:

ব্যৱহাৰৰ বাবে সাজু হৈ উঠা ছুইমিং পুলটোৰ কাষতে সাঁতোৰ আৰু বেডমিন্টন খেলুৱৈৰ বাবে ১০০খন বিচনাযুক্ত হোষ্টেল আৰু ক্ৰিকেট খেলুৱৈ তথা প্ৰশিক্ষকৰ বাবে ২০০ ব্যক্তি থাকিব পৰা আন এটা হোষ্টেল নিৰ্মাণ কৰি থকা হৈছে। ইয়াৰ উপৰি, কামৰূপ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়, ক্ৰিকেট ষ্টেডিয়াম আৰু ছুইমিং পুলৰ সমীপৰে এটা ছয়লেনযুক্ত পথ নিৰ্মাণ কৰা হ’ব, যিয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আই আই টি গুৱাহাটীক সংযোগ কৰিব

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ কেন্দ্ৰবিন্দু হ’ব আমিনগাঁও:

মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে আমিনগাঁৱৰ এই নতুন প্ৰকল্পটো সম্পূৰ্ণ হ’লে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দৰেই ইয়াতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিব পৰা যাব

  • ছুইমিং পুলৰ পৰিচালনা: এই ছুইমিং পুলটোৰ পৰিচালনাৰ দায়িত্ব ‘ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ’ (SAI)ৰ ওপৰত ন্যস্ত কৰা হ’ব। ইয়াত একেলগে ৪০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে উন্নতমানৰ প্ৰশিক্ষণ ল’ব পাৰিব।
  • বেডমিন্টন উৎকৰ্ষতা কেন্দ্ৰ: মুখ্যমন্ত্ৰীয়ে বেডমিন্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষতা কেন্দ্ৰটোও পৰিদৰ্শন কৰে আৰু উল্লেখ কৰে যে এই কেন্দ্ৰটোৱে ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সৃষ্টি কৰি দেশৰ ভিতৰতে এক অন্যতম শ্ৰেষ্ঠ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে।

পৰিদৰ্শনৰ শেষত মুখ্যমন্ত্ৰী ড° শৰ্মাই আমিনগাঁওস্থিত পৰিদৰ্শন বঙলাটোও পৰিদৰ্শন কৰে আৰু ইয়াক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ যাৱতীয় পৰামৰ্শ দিয়ে। আজিৰ এই ভ্ৰমণকালত লোকনিৰ্মাণ আৰু ক্ৰীড়া বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ সন্মুখত কঠিন কূটনৈতিক পৰীক্ষা; BRICS সন্মিলনৰ পৰা ভাৰতে কি লাভ কৰিব?

নতুন দিল্লীত আৰম্ভ হৈছে ১৮সংখ্যক BRICS সন্মিলন। ৰাছিয়াৰ ৰাষ্ট্ৰপতি...

সু/ৰা/ই কাল হ’ল নেকি ৫ যুৱকৰ জীৱন? ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দু/ৰ্ঘ/ট/না

শোণিতপুৰত ভয়ংকৰ পথ দু/ৰ্ঘ/ট/না, থিতাতে নি/হ/ত ৫ যুৱক। শোণিতপুৰৰ...

দিল্লীৰ ৰাজপথত পুটিনৰ ‘Aurus Senat’; কিয় বিশেষ পুটিনৰ এই বাহনখন?

নতুন দিল্লীত অনুষ্ঠিত BRICS সন্মিলনৰ মাজতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ...

ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।...