অৱশেষত সোণাক্ষীৰ মতামতক সন্মান জনালে শত্রুঘ্ন সিনহাই

অৱশেষত সোণাক্ষীৰ মতামতক সন্মান জনালে শত্রুঘ্ন সিনহাই
কন্যাৰ বিয়াত সমর্থন জনালে প্ৰসিদ্ধ অভিনেতাজনে বৃহস্পতিবাৰে নিশা ভাবী জোঁৱাইৰ সৈতে দেখা গল জনপ্ৰিয় অভিনেতাজনক
শহুৰৰ সৈতে ফটোৰ পজ দিলে জাহিৰ ইকবালে

২৩ জুনত যুগ্ম জীৱনৰ পাতনি মেলিব বলীউডৰ লেডী ডাবাং সোণাক্ষী সিনহাই। দীৰ্ঘদিনীয়া প্ৰেমিক জাহিৰ ইকবালৰ সৈতে বিবাহ পাশত আবদ্ধ হ’ব সোণাক্ষী। ৭ বছৰীয়া প্ৰেমৰ অন্তত স্বামী-স্ত্ৰী হবলৈ আগবাঢ়িছে সোণাক্ষী-জাহিৰ। কন্যা সোণাক্ষীৰ বিয়াক লৈ পিতৃ শত্ৰুঘ্ন সিনহা অসন্তুষ্ট বুলি বাতৰি সম্প্ৰচাৰ হৈছিল। কিন্তু শেহতীয়াকৈ এনেধৰণৰ সকলো বাতৰিক নস্যাৎ কৰি বৃহস্পতিবাৰে সন্ধিয়া ভাবী জোঁৱাই জাহীৰৰ সৈতে দেখা গল শত্ৰুঘ্ন সিনহাক৷

হাঁহি-হাঁহি দুয়ো প’জ দিয়ে কেমেৰা সন্মুখত
একমাত্ৰ কন্যা সোনাক্ষীৰ সুখত সুখী শত্ৰুঘ্ন সিনহা

ভাবি জোঁৱাইক লগত লৈয়ে হাঁহি-হাঁহি মাতিলে তেওঁৰ আইকনিক সংলাপ – ‘খামোশ !’ কন্যাৰ বিয়াৰ পূৰ্বে যথেষ্ট উতফুল্লিত হোৱা দেখা গৈছে শত্ৰুঘ্ন সিনহাক।

এক সাক্ষাৎকাৰত সোণাক্ষীক “শক্তিৰ স্তম্ভ” বুলি মন্তব্য পিতৃৰ । মোৰ ছোৱালীৰ বিয়াত মই নিশ্চিতভাৱে উপস্থিত থাকিম বুলি সাংবাদিকক দিলে স্পষ্ট উত্তৰ।

বিয়াৰ পূৰ্বে প্ৰথমবাৰৰ বাবে পাপাৰাজিৰ কেমেৰাত বন্দী হ’ল সোণাক্ষী। সোণাক্ষীৰ পিন্ধনত আছিল বগা কূৰ্তা-পাইজামা। গাড়ীৰ পৰা নামি পোনে-পোনে নিজৰ ঘৰত প্ৰৱেশ কৰিলে সোণাক্ষীয়ে। অৱশ্যে কেমেৰাৰ ফ্ৰেমত বন্দী হ’লেও এক মুহূৰ্তৰ বাবেও পাপাৰাজিৰ কাষত নৰ’ল অভিনেত্ৰীগৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...