সমগ্ৰ বিশ্বজুৰি পালিত হৈছে দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

‘নিজৰ আৰু সমাজৰ বাবে যোগাসন’
অৰ্থাৎ ‘Yoga for Self and Society’

এই থিম লৈয়েই আজি ২১ জুন তাৰিখে সমগ্ৰ বিশ্বজুৰি পালিত হৈছে দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ অংশগ্ৰহণেৰে তেজপুৰ নেহৰু ময়দানতো অনুষ্ঠিত হৈ যায় কেন্দ্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী৷ অসম চৰকাৰৰ পৰিৱহণ আৰু আৱকাৰী বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, নগৰ পৰিকল্পনা আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলেও সহযোগ কৰিলে মুখ্যমন্ত্ৰীক। একেলগে কৰিলে যোগাসন। যোগৰ ভিন্ন মুদ্ৰাৰে শৰীৰ সুস্থ ৰখাৰ কচৰৎ কৰিলে মুখ্যমন্ত্ৰীয়ে।

অনুষ্ঠানত উপস্থিত থাকিল তেজপুৰৰ বিধায়ক – পৃথ্বীৰাজ ৰাভা, গনেশ লিম্বু, কৃষ্ণকমল তাঁতীৰ লগতে অসমৰ চৰকাৰৰ মুখ্য সচিব ৰবি কোটা, সেনা বাহিনীৰ চতুৰ্থ কৰৰ GOC, বায়ুসেনা, SSB ৰ মুৰব্বী বিষয়াসহ জিলা আয়ুক্ত, প্ৰশাসনৰ সংশ্লিষ্ট বিষয়া আৰু বায়ুসেনা, স্হলসেনা, কেন্দ্ৰীয় সংৰক্ষিত বাহিনী, SSB আদিৰ বিষয়া-জোৱানো। যোগাসনৰ অন্তত মুখ্যমন্ত্ৰীয়ে ক’লে- যোগে মানুহক সুস্থ কৰি ৰাখে। সন্তানক আসন, প্ৰাণায়মৰ সৈতে চিনাকী কৰাই দিবলৈ অভিভাৱকলৈ আহ্বান।

ইফালে তিনিচুকীয়াত যোগাসনত বহিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ভিন্ন আসনেৰে যোগাভ্যাস সোণোৱালৰ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে চহৰৰ মানৱ কল্যাণ ভৱনত পালন কৰা যোগ দিৱসৰ কাৰ্যসূচীত বহু লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। অনুষ্ঠানত লগতে অংশগ্ৰহণ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণ, তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পাল, আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপ প্ৰমুখ্যে প্ৰশাসনৰ কেইবাগৰাকীও বিষয়াই। অনুষ্ঠানত যোগ সাধনাক বিশ্বমুখী কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ সাফল্যৰ কথা উনুকিয়ালে সোণোৱালে।BYTE
সমান্তৰালকৈ জিলাই জিলাই উপস্থিত হল ৰাজ্যৰ মন্ত্ৰী সকল। যোগাভ্যাসেৰে এক নিৰোগী শৰীৰৰ অধিকাৰী হবলৈ সৃষ্টি কৰিলে সজাগতা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...