কাঠৰ গুড়িৰে প্ৰস্তুত কৰা তাবিজেৰে ৰামঠগন

গুৱাহাটী, ১৭ জুলাই, NKTV: কমলপুৰৰ সোণাপুৰত লটিঘটি উড়িশাৰ এজন ভুৱা তান্ত্ৰিকৰ। বাইহাটা চাৰিআলিৰ কমলপুৰৰ সমীপৱৰ্তী সোনাপুৰত ভুৱা তান্ত্ৰিকৰ সন্ত্ৰাস। প্ৰায় এমাহ মানৰ পৰা কমলপুৰ সমষ্টিৰ অন্তৰ্গত সোণাপুৰৰ গাঁৱত এজন বহি: ৰাজ্যৰ পৰা অহা লোকে ভুৱা বেশ ধৰি গঞা ৰাইজক লুটপাত চলাই আহিছে। গ্ৰহ দোষ নিৰাময়ৰ লগতে সকলো ধৰণৰ সমস্যা সমাধানৰ নামত ভুৱা তান্ত্ৰিকে দিয়ে এটা বিশেষ তাবিজ। আৰু এই তাবিজৰ বিনিময়ত প্ৰতিজন অন্ধবিশ্বাসী লোকৰ পৰা সংগ্ৰহ কৰে পাচশৰ পৰা দুহেজাৰ টকা পৰ্যন্ত। কিন্তু ভুৱা তান্ত্ৰিকৰ তাবিজৰ ভিতৰত থাকে কেৱল কাঠৰ গুড়ি। দিনৰ ভাগত গাঁওখনত পুৰুষসকল নথকাৰ সুযোগ গ্ৰহণ কৰি একাংশ লোকৰ পৰা তাবিজ বিক্ৰী কৰি শকত ধন সংগ্ৰহ কৰিছিল ব্যক্তিজনে। অৱশেষত গঞা ৰাইজে ভণ্ড বাবাক জব্দ কৰি গতাই দিয়ে কমলপুৰ আৰক্ষীক। বাবাৰ বেয়া দিন চলিছে,বাবা এতিয়া আৰক্ষীৰ আলহী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...