কাঠৰ গুড়িৰে প্ৰস্তুত কৰা তাবিজেৰে ৰামঠগন

গুৱাহাটী, ১৭ জুলাই, NKTV: কমলপুৰৰ সোণাপুৰত লটিঘটি উড়িশাৰ এজন ভুৱা তান্ত্ৰিকৰ। বাইহাটা চাৰিআলিৰ কমলপুৰৰ সমীপৱৰ্তী সোনাপুৰত ভুৱা তান্ত্ৰিকৰ সন্ত্ৰাস। প্ৰায় এমাহ মানৰ পৰা কমলপুৰ সমষ্টিৰ অন্তৰ্গত সোণাপুৰৰ গাঁৱত এজন বহি: ৰাজ্যৰ পৰা অহা লোকে ভুৱা বেশ ধৰি গঞা ৰাইজক লুটপাত চলাই আহিছে। গ্ৰহ দোষ নিৰাময়ৰ লগতে সকলো ধৰণৰ সমস্যা সমাধানৰ নামত ভুৱা তান্ত্ৰিকে দিয়ে এটা বিশেষ তাবিজ। আৰু এই তাবিজৰ বিনিময়ত প্ৰতিজন অন্ধবিশ্বাসী লোকৰ পৰা সংগ্ৰহ কৰে পাচশৰ পৰা দুহেজাৰ টকা পৰ্যন্ত। কিন্তু ভুৱা তান্ত্ৰিকৰ তাবিজৰ ভিতৰত থাকে কেৱল কাঠৰ গুড়ি। দিনৰ ভাগত গাঁওখনত পুৰুষসকল নথকাৰ সুযোগ গ্ৰহণ কৰি একাংশ লোকৰ পৰা তাবিজ বিক্ৰী কৰি শকত ধন সংগ্ৰহ কৰিছিল ব্যক্তিজনে। অৱশেষত গঞা ৰাইজে ভণ্ড বাবাক জব্দ কৰি গতাই দিয়ে কমলপুৰ আৰক্ষীক। বাবাৰ বেয়া দিন চলিছে,বাবা এতিয়া আৰক্ষীৰ আলহী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...