ভাৰতৰ প্ৰথমগৰাকী ট্ৰেন্সজেণ্ডাৰ ফটো সাংবাদিকৰ কথাৰে…

যোগাত্মক চিন্তা, একাগ্রতা আৰু সফলতা এই তিনিওটা শব্দতে আমাৰ জীৱন দৰ্শন প্ৰতিফলিত হোৱা দেখা যায়। লগতে জীৱন ধাৰণৰ সুন্দৰ সংজ্ঞাও বিচাৰি পাওঁ। তেনে এক সংজ্ঞা বিচাৰি পোৱা ভাৰতৰ প্ৰথমগৰাকী ট্ৰেন্সজেণ্ডাৰ ফটো সাংবাদিকৰ কথাৰে আমাৰ এই প্ৰতিবেদন।

  • প্ৰবল ইচ্ছাশক্তি থাকিলে মানুহে কি কৰিব নোৱাৰে!
  • জয়া থমাছ লোবোৱেও আনতকৈ কিছু পৃথক কিবা এটা কৰিব বিচাৰিছিল!
  • কিন্তু তেওঁৰ বাবে এনে কিবা এটা কৰাতো খুবেই কঠিন আছিল
  • ১১ বছৰ বয়সতহে তেওঁ জানিব পাৰিছিল যে তেওঁ আনতকৈ অলপ বেলেগ
  • তেতিয়াৰ পৰাই তেওঁ আৰম্ভ কৰিছিল এক নতুন যাত্ৰা

জয়া থমাছ লোবো… ভাৰতৰ প্ৰথমগৰাকী ট্ৰেন্সজেণ্ডাৰ ফটো সাংবাদিক…

এসময়ত দৈনিক ৰে’লত ভিক্ষা খুজি পৰিয়াল চলাইছিল ফটো সাংবাদিক গৰাকীয়ে। দৈনিক উপাৰ্জন আছিল ৫০০ৰ পৰা ৮০০ টকা। শৈশৱ মুম্বাইৰ কাগ্ৰা বজাৰ অঞ্চলত অতিবাহিত কৰা জয়াই অধ্যয়ন কৰিছিল খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত। যাৰ বাবে ইংৰাজীত বিশেষ দখল আছিল তেওঁৰ। কিন্নৰ হিচাপে সমাজত পৰিচিত জয়া থমাছ লোবোৱে ২০১৬ চনত মাতৃক হেৰুওৱাৰ পিছত অকলশৰীয়া হৈ পৰিছিল। কিন্তু হাৰ মনা নাছিল তেওঁ।

লোবোয়ে নিজা ধৰণে অব্যাহত ৰাখিছিল জীৱন সংগ্ৰাম। ২০১৮ চনত ‘হিজৰা শাপ কি বৰ্ধন’ শীৰ্ষক এটা ইউটিউব ছিৰিজতো কাম কৰাৰ সুযোগ লাভ কৰিছিল জয়াই। ইয়াৰ পিছত আৰু তেওঁ পিছলৈ ঘূৰি চাব লগা হোৱা নাছিল। তেওঁ দুৰ্দান্ত অভিনয়ৰ বাবে লাভ কৰিলে কেইবাটাও বঁটাও। ইয়াৰ সমান্তৰালভাৱে এটা সংবাদ প্ৰতিষ্ঠানতো সংবাদকৰ্মী হিচাপে চাকৰি লাভ কৰে জয়াই। ফটোগ্ৰাফীৰ প্ৰতি সৰুৰে পৰা থকা চখৰ বাবে ফটো সাংবাদিক হোৱাৰ সিদ্ধান্ত লয় জয়াই। জ্যেষ্ঠ ফটো সাংবাদিক দিব্যকান্ত চোলাঙ্কিৰ পৰা খুব কম দিনতে ফটো তোলাৰ কৌশল আয়ত্ব কৰিলে জয়াই। জয়াই তেওঁৰ উপাৰ্জনৰ পৰা ৩০ হাজাৰ টকাৰে এটা ছেকেণ্ড হেণ্ড কেমেৰা কিনে আৰু ফটো সাংবাদিক হিচাপে এখন নতুন জগতত ভৰি দিয়ে।

২০২০ চনৰ এপ্ৰিলত বান্দ্ৰাত প্ৰব্ৰজিত শ্ৰমিকৰ প্ৰতিবাদৰ ফটো তোলাৰ সময়তে বিশেষ স্বীকৃতি লাভ কৰে জয়াই। ফটোগ্ৰাফাৰ হিচাপে জয়াৰ জীৱনত এয়া আছিল প্ৰথম সফলতা। আৰু ইয়াৰ পিছত ভাৰতৰ কেইবাটাও আগশাৰী সংবাদ মাধ্যমত নিয়মীয়াকৈ প্ৰকাশ পাবলৈ লয় জয়াই তোলা নতুন-নতুন ফটোবোৰ। সামাজিক মাধ্যমতো এখন চিনাকি মুখ হৈ উঠিল জয়া থমাছ লোবো। মনৰ দৃঢ়তা আৰু একাগ্ৰতাৰে জীৱন যাত্ৰাত আগবাঢ়ি যোৱা ভাৰতৰ প্ৰথমগৰাকী ট্ৰেন্সজেণ্ডাৰ ফটো সাংবাদিক জয়া থমাছ লোবোক চেল্যুট…

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...

ডিব্ৰুগড়ৰ খোৱাঙত নাহৰফুটুকীৰ সন্ত্ৰাস, নাহৰফুটুকীৰ আক্ৰমণত আহত কিশোৰ

ডিব্ৰুগড় জিলাৰ খোৱাঙত পুনৰ নাহৰফুটুকীৰ আতংক। নাহৰফুটুকীৰ আক্ৰমণত এজন...