বলধ নাথাকিলে হাল বাম কেনেকৈ?

গুৱাহাটী, ১৮ জুলাই, NKTV: শাওনৰ পথাৰত এতিয়া ভীষণ ব্যস্ত চহা ৰাইজ। হালৰ গৰুহালক নাঙলৰ যুটিত বান্ধি খেতিয়কে মুখৰিত কৰি তুলিছে পথাৰসমূহক। পিছে সেই গৰু এতিয়া পালেগৈ বিধানসভাৰ মজিয়া। সদনৰ ভিতৰে বাহিৰে তালফাল লাগিছে গৰু বিষয়ক চৰ্চাক লৈ। গো সুৰক্ষা বিধেয়কৰ লগতে গৰুৰ লিংগ বিভাজনো কৰিবলৈ সাজু চৰকাৰ। বলধ গৰুৰ সংখ্যা হ্ৰাস কৰি গাই গৰুৰ সংখ্যা বৃদ্ধি কৰিবলৈ বাজেটত ধাৰ্য কৰা হৈছে বিশেষ পুঁজিৰ। পিছে চৰকাৰৰ আঁচনি শুনি হতবাক গাঁৱৰ চহা খেতিয়কসকল। বলধ গৰুৰ অবিহনে কিদৰে চলিব চহা ৰাইজ? শুনক দিছপুৰে ভাবিব নোৱাৰা কথাবোৰ কিদৰে ভাবে চহা খেতিয়কে…

চৰকাৰৰ সিদ্ধান্তই এতিয়া বাৰুকৈয়ে বিপদত পেলাইছে খেতিয়ক সকলক। হালৰ বলধ নাথাকিলে খেতি চপাব নোৱাৰিব, নোৱাৰিব মৰনা মাৰিব। হয়তু পথাৰত শুনিবলৈ পোৱা নাযাব খেতিয়কৰ সেই শব্দ, ‘ঐ ৰঙা ঘূৰ ! ঘূৰ ! চুঃ চুঃ বগা ঘূৰ ঘূৰ’।

নাহৰকটীয়াৰ পৰা বুলন কুমাৰ শইকীয়াৰ ৰিপৰ্ট

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ

সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত শনিবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত...

হৰিয়ানাৰ টেনিছ খেলুৱৈ ৰাধিকাক কিয় হত্যা কৰিলে পিতৃয়ে?

কন্যাৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰাৰ কটাক্ষই দীপক যাদৱৰ আত্মসন্মানত...

ৰিজাৰ্ভ বেংকে ক’লে ‘অবৈধ নহয়’; ২০০০ টকীয়া নোট এতিয়াও আছে নেকি? তেন্তে কি কৰিব?

২০২৩ চনত ২০০০ টকীয়া নোট বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা...

এইবাৰ ভাৰতীয় ৰে’লৱেৰ বাবে কাম কৰিব TATAই, চুক্তি স্বাক্ষৰিত

টাটা অটো-কম্প চিষ্টেমছ আৰু ইউৰোপৰ স্কোডা গ্ৰুপে এখন নতুন...