বাজেটে মোৰ নাক বচালে : ৰণজিৎ কুমাৰ দাস

বৰপেটাত মুখ্যমন্ত্ৰীৰ ক’ভিড বিধবা কল্যাণ আঁচনিৰ অধীনত বৰপেটা জিলাৰ ৩২ গৰাকী মহিলাক অৰ্থ সাহায্য প্ৰদান অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷

গুৱাহাটী, ১৭ জুলাই, NKTV: বৰপেটাত উপস্থিত হৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মুখ্যমন্ত্ৰীৰ ক’ভিড বিধৱা কল্যাণ আঁচনিৰ অধীনত ক’ভিডত মৃত্যু হোৱা জিলাখনৰ ১০৫ গৰাকী লোকৰ ভিতৰত ৩২ গৰাকী বিধৱাক আজি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আঢ়ৈ লাখকৈ টকাৰ চেক প্ৰদান কৰে৷ জিলা উপায়ুক্ত কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত সাহাৰ্য বিতৰণ অনুস্থানত অংশগ্ৰহন কৰি মন্ত্ৰীগৰাকীয়ে চেক সমুহ প্ৰদান কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰা একাংশ মহিলাই কান্দোনত ভাঙি পৰে যদিও ৰাজ্য চৰকাৰে গ্ৰহন কৰা এনে সিদ্ধান্তক আদৰনি জনাই চৰকাৰৰ ভূমিকাৰ শলাগ লয় ৷

ইপিনে, কালি দাখিল কৰা বাজেটে মন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতিগৰাকীৰ সন্মান বচোৱা বুলি আৰু বাজেটখনক লৈ তেও আটাইতকৈ সুখী বুলিও প্ৰকাশ কৰে ৷ বাজেটক লৈ টেনচন থকা বুলি মন্তব্য কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বাজেটে মোৰ নাক বচালে ৷

সত্ৰনগৰী বৰপেটাৰ হাটীত জন্মগ্ৰহণ কৰা ব্যক্তি হিচাপে ৰণজিৎ কুমাৰ দাসে নিজকে সত্ৰনগৰীৰ প্ৰথমগৰাকী মন্ত্ৰী বুলি প্ৰকাশ কৰি ইয়াৰ বাবে নিজকে ধন্য বুলিও মন্তব্য কৰে৷ আনহাতে, বাজেটত বৰপেটাৰ বাবে বিশেষ কোনো উল্লেখ নাথাকিলেও তেৱেই বৰপেটাৰ উন্নয়নৰ বাবে কাম কৰিব আৰু তাৰ বাবে টেনচন নল’বলৈ বৰপেটাবাসীক আহ্বান৷ বাজেটক লৈ কৰা মন্তব্যত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সত্ৰনগৰী বৰপেটাত জন্মগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ প্ৰথমগৰাকী মন্ত্ৰী হিচাপে সেৱা আগবঢ়োৱাৰ সুবিধা লাভ কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে ৷

আনহাতে ৩১ জুলাইৰ পিচত বিভাগীয়ভাবে ৰেচন কাৰ্ডৰ অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তনৰ ব্যৱস্থা গ্ৰহনৰ কথাও ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ ৫ লাখ হিতাধিকাৰীক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰাৰ লগতে সদ্যহতে ১লাখ ১০ হাজাৰ পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব পৰা অৱস্থাত থকা বুলিও মন্তব্য কৰে ৷

একেলগে ৬লাখ ৫০ হাজাৰ হিতাধিকাৰীক নতুনকৈ অৰুণোদয় প্ৰদান কৰা, ১ লাখ নিবনুৱাক চাকৰি, মাইক্ৰ’ফাইনেঞ্চৰ জৰিয়তে লোৱা ঋণ মাফ আদি বিষয় সমুহ সন্নিৱিষ্ট কৰাৰ বাবে বাজেটৰ প্ৰশংসা মন্ত্ৰী ৰনজিৎ কুমাৰ দাসৰ ৷

বৰপেটাৰ পৰা অন্ন কুমাৰ তালুকদাৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...