ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা

প্ৰকৃতি যেন ৰুষ্ট হৈ পৰিছে মানৱ জাতিৰ ওপৰত। এইবাৰ ছিকিমত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ পাছতে ছিকিমত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে।

উত্তৰ ছিকিমৰ ল’নাক হ্ৰদৰ ওপৰত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। এই ডাৱৰ বিস্ফোৰণৰ ফলত তিস্তা নদীৰ জলস্তৰ বৃদ্ধি পায় আৰু বানপানীৰ সৃষ্টি হয়। এই ঘটনাৰ ফলত ২৩গৰাকী সেনা জোৱান নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে।

এক খবৰ অনুসৰি চুংথাং বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত হঠাতে পানীৰ স্তৰ ১৫-২০ ফুট বৃদ্ধি হয়। ইয়াৰ ফলত চিংটামৰ বৰদাঙত ৰখাই থোৱা সেনাৰ বাহনসমূহ ডুবি যায়। ঘটনাস্থলীত বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...