EXIT POLLয়ে হাঁহি আনি দিছে কংগ্ৰেছলৈ

EXIT POLLয়ে হতাশ কৰিলে ‍BJPক!
EXIT POLLয়ে হাঁহি আনি দিছে কংগ্ৰেছলৈ
অসমত EXIT POLLক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া

EXIT POLLৰ সমীক্ষাই দেখুৱাইছে মধ্যপ্রদেশ, ছত্তীশগড়, তেলেংগানাত কংগ্ৰেছৰ জয়ৰ সম্ভাৱনা। ৰাজস্থান পুনৰোদ্ধাৰ কৰিব পাৰে BJPয়ে। মিজোৰামত থাকিব আঞ্চলিক দলৰ প্ৰভাৱ। কিন্তু এই সমীক্ষাই স্বাভাবিকতে অসন্তুষ্ট কৰিছে বিজেপিক। ৫ ৰাজ্যৰ নিৰ্বাচনত বিজেপি আৰু সহযোগী দলৰ লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই EXIT POLLক লৈ প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া।

দেশক কংগ্ৰেছমুক্ত কৰিব বুলি কৈ থকাসকলে স্বাভাবিকতে এই EXIT POLLৰ বিৰোধিতা কৰিছে। অসমতো শাসকীয় পক্ষই মানি লোৱা নাই EXIT POLLক। কংগ্ৰেছকে ধৰি বিৰোধীয়ে EXIT POLLৰ সমীক্ষাই ৩ ডিচেম্বৰৰ ফলাফলৰ ইংগিত বুলি মন্তব্য কৰিছে।

ৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে প্ৰতিক্ৰিয়া অব্যাহত আছে। মমতা বেনাৰ্জীয়ে এয়া দিল্লী দখলৰ ছেমি ফাইনেল বুলি মন্তব্য কৰিছে। কিন্তু বিজেপিৰ দাবী ৩ ডিচেম্বাৰত উৰি যাব EXIT POLLৰ সমীক্ষা। কেউখন ৰাজ্যত NDAই চৰকাৰ গঠন কৰিব। কেইবাটাও সংবাদ প্ৰতিষ্ঠানে চলাইছিল সমীক্ষা। সামগ্ৰিকভাৱে এই সমীক্ষাই দেখুৱাইছে ছত্তীশগড়ৰ ৯০খন আসনৰ ভিতৰত কংগ্ৰেছে ৪০ৰ পৰা ৫৩খন লাভ কৰিব। বিজেপি ৩৬ৰ পৰা ৪৫খনৰ ভিতৰত সীমাবদ্ধ থাকিব। মধ্যপ্ৰদেশত ক্ষমতাছ্যুত হ’ব বিজেপি। কাণে কাণ মাৰি কংগ্ৰেছ চৰকাৰ গঠন কৰাৰ দিশে আগবাঢ়িব। অৱশ্যে দুই এটা সংস্থাই বিজেপিৰো সম্ভাৱনা থকা বুলি প্ৰকাশ কৰিছে। ৰাজস্থানত ২০০খন আসনৰ শতাধিক আসন পাই বিজেপিয়ে চৰকাৰ গঠন কৰিব। কংগ্ৰেছে ৯০খন আসনৰ অধিক নাপাব বুলি ইংগিত দিছে এগজিট প’লে। তেলেংগানাত এইবাৰ ক্ষমতাছ্যুত হ’ব পাৰে BSR। কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি ইংগিত দিছে এগজিট প’লে। মিজোৰামত অৱশ্যে আঞ্চলিক দলৰ প্ৰাধান্য থাকিব। নতুন আঞ্চলিক দল ZPM আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী জ’ৰাম থাংগা নেতৃত্বাধীন MNFৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতাৰ ইংগিত এগজিট প’লত।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...