ব্যতিক্ৰমী শিশু দিৱস; ১৪ বছৰৰ তলৰ শিশুৰ বিনামূলীয়াকৈ দাঁতৰ চিকিৎসা

আজি শিশু সকলৰ বাবে এটা বিশেষ দিন। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম দিনটোতে দেশজুৰি উলহ মালহেৰে পালন কৰা হয় শিশু দিৱস। কৰ’বাত যদি কেক কাটি কৰ’বাত শিশু সকলৰ মাজত নৃত্য-গীত- আলাপেৰে উদযাপন কৰিছে শিশু সকলৰ এই বিশেষ দিনটো।

কিন্তু তিতাবৰ ষ্টেচন তিনিআলিস্থিত বিয়নড স্মাইলচ ডেণ্টেল কেয়াৰৰ দন্ত চিকিৎসক ভাৰ্গৱ ভাগৱতীয়ে ব্যতিক্ৰমী ৰূপত উদযাপন কৰিছে শিশু দিৱস। ১৪ বছৰৰ তলৰ শিশু সকলক সম্পূৰ্ণ বিনামূলীয়াকৈ দাঁতৰ চিকিৎসা সেৱা প্ৰদান কৰি যোগান ধৰিলে বিনামূলীয়া ঔষধ। আৰু ইয়াৰ লগতে শিশু সকলৰ দাঁতৰ যত্ন লোৱাৰ ওপৰত সজাগতাৰ সৃষ্টি কৰিলে অভিভাৱক সকলৰ মাজত। ইফালে, ইয়াৰ উপৰিও বিগত দুটা বছৰ ধৰি চিকিৎসক ভাৰ্গৱ ভাগৱতীয়ে প্ৰতি মঙলবাৰে ১৪ বছৰৰ তলৰ শিশু সকলৰ দাঁতৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়াকৈ কৰি আহিছে।

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...